প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা বিগত লোকসভা নিৰ্বাচনত মঙলদৈ লোকসভা সমষ্টিত কংগ্ৰছ দলৰ হৈ প্ৰাৰ্থীত্ব আগবঢ়াই পৰাজয়বৰণ কৰা ভুৱনেশ্বৰ কলিতাই এইবাৰ পঞ্চমবাৰলৈ ৰাজ্যসভাৰ সাংসদ হিচাপে শপতগ্ৰহণ কৰে। পিছে এইবাৰ কংগ্ৰেছ দলৰ নহয়। বিজেপিৰ পৰাহে ৰাজ্যসভাৰত সাংসদ নিৰ্বাচিত ভুৱনেশ্বৰ কলিতা।
কলিতাক শপত বাক্য পাঠ কৰোৱালে ৰাজ্যসভাৰ অধ্যক্ষ ভেংকায়া নাইডুৱে। যোৱা ১০ এপ্ৰিলত ৰাজ্যসভালৈ অসমৰ পৰা নিৰ্বাচিত হৈছিল ভুৱনেশ্বৰ কলিতা। পঞ্চমবাৰৰ কাৰণে তেওঁ উচ্চ সদনৰ সদস্য হিচাপে নিৰ্বাচিত হ’ল। পূৰ্বতে চাৰিবাৰ ক্ৰমে ১৯৮৪, ১৯৯০, ২০০৮ আৰু ২০১৪ চনত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল।
১৯৯৮ চনত ভুৱনেশ্বৰ কলিতা কংগ্ৰেছ দলৰ পৰা লোকসভালৈও নিৰ্বাচিত হৈছিল। উল্লেখযোগ্য যে, ২০১৯ চনৰ ৯ আগষ্টত জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ আঁতৰোৱাত কংগ্ৰেছ দলে সমৰ্থনত নিদিয়াৰ কাৰণ দৰ্শাই দলত্যাগ কৰিছিল ভুৱনেশ্বৰ কলিতাই। আনকি একে সময়তে ৰাজ্যসভাৰ সদস্যপদো ত্যাগ কৰিছিলকলিতাই।
আনহাতে, বিশ্বজিৎ দৈমাৰীয়ে দ্বিতীয়বাৰৰ কাৰণে ৰাজ্য আৰু কেন্দ্ৰত শাসনত থকা বিজেপিৰ সহযোগী দল বড়োলেণ্ড পিপলচ ফ্ৰণ্টৰ সদস্য হিচাপে শপত লৈছে। বিৰোধী কংগ্ৰেছ আৰু AIUDFৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে জয়লাভ কৰি অহা অজিত কুমাৰ ভূঞাই আজি নল’লে শপত।
শপত গ্ৰহণৰ পিছত কলিতাই বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক কৃতজ্ঞতা জ্ঞাপন কৰে। দেশৰ এনে জটিল সময়ত ৰাইজলৈ সেৱা আগবঢ়াই যাব বুলিও মন্তব্য কৰে ভুৱনেশ্বৰ কলিতাই। অসমৰ বান সমস্যাৰ স্থায়ী সমাধান আৰু ৰাষ্ট্ৰীয় সমস্যা ৰূপে চিহ্নিত কৰাৰ দিশত তেওঁ সংসদৰ মজিয়াত মাত মাতি যাব বুলি মন্তব্য। আনহাতে, শপত গ্ৰহণ কৰি বিশ্বজিৎ দৈমাৰীয়ে সংবাদ মাধ্যমৰ যোগেদি অসমৰ পৰা কেন্দ্ৰীয় কেবিনেটত প্ৰতিনিধিৰ দাবী জনায় ।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : July 22, 2020, 18:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।