মুখ্যপৃষ্ঠা »খবৰ »অসম »‘মই সদায় নীতিগত ৰাজনীতিত বিশ্বাস কৰি চলি আহিছো, গতিকে বিজেপিত যোগদান কৰিছো’

‘মই সদায় নীতিগত ৰাজনীতিত বিশ্বাস কৰি চলি আহিছো, গতিকে বিজেপিত যোগদান কৰিছো’

হিমন্ত বিশ্বই গামোচা পিন্ধাই ৰাজ্যিক বিজপিৰ কাৰ্যালয়লৈ আদৰিলে ভুবনেশ্বৰ কলিতাক

হিমন্ত বিশ্বই গামোচা পিন্ধাই ৰাজ্যিক বিজপিৰ কাৰ্যালয়লৈ আদৰিলে ভুবনেশ্বৰ কলিতাক

হিমন্ত বিশ্বই গামোচা পিন্ধাই ৰাজ্যিক বিজপিৰ কাৰ্যালয়লৈ আদৰিলে ভুবনেশ্বৰ কলিতাক

  • Share this:
    ৯ আগষ্টত বিজেপিত যোগদান কৰা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰক্তন সভাপতি ভুবনেশ্বৰ কলিতাই দেওবাৰে হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়। ৰাজ্যৰ বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, সভাপতি ৰঞ্জিত দাস, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপস্থিতিত বিজেপিৰ কৰ্মীয়ে বিপুল ভাবে দললৈ আদৰণী জনাই ভুবনেশ্বৰ কলিতাক।

    কিয় বিজেপিত যোগদান কৰিলে ভুবনেশ্বৰ কলিতাই? আজি বিজেপিৰ মুখ্য কাৰ্যালয়ত স্পষ্টকৈ জনালে ভুবনেশ্বৰ কলিতাই। ভুবনেশ্বৰ কলিতাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে,  ৫ আগষ্টত পদত্যাগ কৰি ৯ আগষ্টত বিজেপিত যোগদান কৰিছো, এতিয়া সকলোৱে প্ৰশ্ন কৰিছে  মই কিয় সিদ্ধান্ত সলনি কৰিলো,  মই সদায় নীতিগত ৰাজনীতিত বিশ্বাস কৰি চলি আহিছো! ভাৰতবৰ্ষক সকলো দিশতে শক্তিশালী কৰাৰ বাবে ২০১৪ চনত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে যি প্ৰচেষ্টা হাতত লৈছিল, তাত সফল হৈছে
    তেঁওলোক। আজি ভাৰতবৰ্ষ বিশ্বৰ আগশাৰীৰ দেশসমূহৰ সমপৰ্য্যায়ৰ হৈছে তিনি তালাক, ৩৭০কে ধৰি বিভিন্ন দিশত সফল হৈছে’।



    সেইদৰে ভুবনেশ্বৰ কলিতাই কংগ্ৰেছ দল ত্যাগ কৰি বিজেপি দলত যোগদান  কৰা প্ৰসংগত  ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে, ৰাজ্য সভাত ৩৭০ ধাৰাৰ ওপৰত হোৱা বিতৰ্কৰ বাবে কংগ্ৰেছ ত্যাগ কৰিছে ভুবনেশ্বৰ কলিতাই। হিমন্তৰ মতে এতিয়া শ্যমাপ্ৰসাদ মুখাৰ্জী আৰু দীনদয়াল উপাধ্যায়ৰ আদৰ্শৰে পৰিচালিত বিজেপিৰ আদৰ্শ মানি কাম কৰিব ভুবনেশ্বৰ কলিতাই।

    শেহতীয়া বাতৰি