370 অনুচ্ছেদ বাতিলৰ সিদ্ধান্তক সমৰ্থন কৰি কংগ্ৰেছ দল ত্যাগ ভুৱনেশ্বৰ কলিতাৰ!

370 অনুচ্ছেদক লৈ কংগ্ৰেছে জাৰি কৰা হুইপৰ বিৰোধিতা কলিতাৰ, ৰাজ্যসভাৰ পৰাও কৰিলে পদত্যাগ

News18-Assam
Updated:August 5, 2019, 3:10 PM IST
370 অনুচ্ছেদ বাতিলৰ সিদ্ধান্তক সমৰ্থন কৰি কংগ্ৰেছ দল ত্যাগ ভুৱনেশ্বৰ কলিতাৰ!
Source-Google
News18-Assam
Updated: August 5, 2019, 3:10 PM IST
অসম কংগ্ৰেছত জোকাৰণি! কংগ্ৰেছ দলৰ শেহতীয়া কাম কাজত অতিষ্ঠ হৈ দল ত্যাগ কৰিলে দলৰ জ্যেষ্ঠ নেতা, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভুৱনেশ্বৰ কলিতাই। প্ৰাক্তন উদ্যোগ মন্ত্ৰী, গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ ভুৱনেশ্বৰ কলিতাই আজি ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ পিছত এইবাৰ দলৰ নেতৃত্বৰ প্ৰতি চৰম অসন্তুষ্টি প্ৰকাশ কৰি কংগ্ৰেছ দল ত্যাগ কৰে।

দল ত্যাগ কৰাৰ পিছত ভুৱনেশ্বৰ কলিতাই কয় যে 370 অনুচ্ছেদ বাতিলৰ বিৰোধিতা কংগ্ৰেছৰ আত্মঘাটী সিদ্ধান্ত, সেই আত্মঘাটি সিদ্ধান্তৰ মই অংশীদাৰ হ’ব নোখোজো। উল্লেখ যোগ্য যে কংগ্ৰেছ দলে ৩৭০ অনুচ্ছেদ বাতিলৰ বিৰোধিতা কৰি হুইপ জাৰি কৰিছিল, কিন্তু কংগ্ৰেছে জাৰি কৰা হুইপৰ বিৰোধিতা কৰি দলত্যাগ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে।

কলিতাৰ মন্তব্য অনুসৰি জৱাহৰলাল নেহৰুৱে বিৰোধিতা কৰিছিল 370 অনুচ্ছেদৰ।

এদিন 370 অনুচ্ছেদ নোহোৱা হ'ব বুলি মন্তব্য কৰিছিল নেহৰুৱে। কিন্তু বৰ্তমান কংগ্ৰেছ নেতৃত্বই  কংগ্ৰেছ দলটোক ধ্বংস কৰিবলৈ কাম কৰি আছে বুলি অভিযোগ কৰাৰ লগতে
এই দলটোক ধ্বংস হোৱাৰ পৰা কোনেও বচাব নোৱাৰে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
আৰু চাওক পৰৱৰ্তী বাতৰি