‘হাত’ ৰ সৈতে সম্পৰ্ক শেষ, বিজেপিত যোগদান ভুৱনেশ্বৰ কলিতাৰ

পীয়ুষ গোৱেলৰ উপস্থিতিত গেৰুৱা দলটোত যোগদান কৰিলে ৰাজ্যসভাৰ সদ্য পদত্যাগী সাংসদ ভুৱনেশ্বৰ কলিতাই

News18-Assam
Updated:August 9, 2019, 6:42 PM IST
‘হাত’ ৰ সৈতে সম্পৰ্ক শেষ, বিজেপিত যোগদান ভুৱনেশ্বৰ কলিতাৰ
পীয়ুষ গোৱেলৰ উপস্থিতিত গেৰুৱা দলটোত যোগদান কৰিলে ৰাজ্যসভাৰ সদ্য পদত্যাগী সাংসদ ভুৱনেশ্বৰ কলিতাই
News18-Assam
Updated: August 9, 2019, 6:42 PM IST
সকলো জল্পনা কল্পনা অন্ত পেলাই, অৱশেষত প্ৰত্যাশিত ভাবেই বিজেপি দলত যোগদান কৰিলে ভুৱনেশ্বৰ কলিতাই। ৫ আগষ্টত ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ পিছৰ পৰাই কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভুৱনেশ্বৰ কলিতাই বিজেপি দলত যোগদান কৰিব বুলি চলি আছিল চৰ্চা।শুক্ৰবাৰে নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱালৰ উপস্থিতি বিজেপি দলত যোগদান কৰে ভুৱনেশ্বৰ কলিতাই। কংগ্ৰেছ ত্যাগ কৰি ভুৱনেশ্বৰ কলিতাই বিজেপিত যোগদান কৰাতো কংগ্ৰেছ দলৰ বাবে এক ডাঙৰ ক্ষতি বুলি উল্লেখ কৰিব পাৰি।

তৰুণ গগৈৰ চৰকাৰৰ প্ৰাক্তন উদ্যোগ মন্ত্ৰী, গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ, APCC ৰ প্ৰাক্তন সভাপতি ভুৱনেশ্বৰ কলিতাই ৰাজ্যসভাৰ পৰা পদত্যাগ কৰাৰ পিছতে কংগ্ৰেছ দলৰ নেতৃত্বৰ প্ৰতি চৰম অসন্তুষ্টি প্ৰকাশ কৰি কংগ্ৰেছ দল ত্যাগ কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি