உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • আঞ্চলিক ৰাজনীতিৰ কফিনত শেষ গজাল মাৰিবলৈ সাজু বিজেপি! শীঘ্ৰে গেৰুৱা বসন পিন্ধিব ভূৱন পেগু, অৰুণজ্যোতি মৰাণসহ বহু আঞ্চলিকতাবাদী নেতা

    আঞ্চলিক ৰাজনীতিৰ কফিনত শেষ গজাল মাৰিবলৈ সাজু বিজেপি! শীঘ্ৰে গেৰুৱা বসন পিন্ধিব ভূৱন পেগু, অৰুণজ্যোতি মৰাণসহ বহু আঞ্চলিকতাবাদী নেতা

    Source-Google

    Source-Google

    কেৱল অসমতে নহয়, দেশৰ বহু কেইখন ৰাজ্যৰে আঞ্চলিকতাবাদী শক্তিক গ্ৰাস কৰাৰ দিশে বিজেপি।

    • Share this:
    আঞ্চলিকতাবাদী ৰাজনীতিত শেষ গজাল মাৰিবলে সাজু  হৈছে বিজেপি। কেৱল অসমতে নহয়, দেশৰ বহু কেইখন ৰাজ্যৰে আঞ্চলিকতাবাদী শক্তিক গ্ৰাস কৰাৰ দিশে বিজেপি। প্ৰথমে আঞ্চলিকতাবাদী ৰাজনৈতিক দলৰ সৈতে বিজেপিয়ে কৰে মিত্ৰতা। মিত্ৰতা কৰি ৰাজ্যখনত সবল কৰে নিজৰ সাংগঠনিক স্থিতি । আৰু তাৰ পিছত উচন কৰে আঞ্চলিক দলৰ ভেটি।

    উদাহৰণ বহুত আছে তাৰে ভিতৰত, তেলেগুদেশম পাৰ্টি , শিৱসেনা অন্যতম। আনকি ভেটি উচন হোৱাৰ দিশে সোতৰ বছৰ ধৰি BTCৰ মচনদ দখল কৰি থকা BPF ৰো। অসম গণ পৰিষদৰো অৱস্থা এতিয়া তথৈৱচ।  নিঃশেষ হোৱাৰ দিশে গণশক্তি। শীঘ্ৰে বিজেপিত যোগদান কৰিব গণশক্তিৰ প্ৰতিষ্ঠাতা ভূৱন পেগু। কিন্তু  জোনাইৰ বিজেপিয়ে বিচৰা নাই গণশক্তিৰ নেতা ভূৱন পেগুৰ যোগদান। জোনাই বিজেপিৰ অভিযোগ, গণশক্তিৰ কৰ্মীয়ে অত্যাচাৰ চলাইছে বিজেপি নেতা-কৰ্মীক।

    ইফালে অৰুণ জ্যোতি মৰাণৰ যোগদানে বিজেপিক মৰাণ ভোট লাভ কৰাত সহায় কৰিব বুলি বিশ্বাসী গেৰুৱা দলটো। অৱশ্যে মৰাণৰ যোগদান সুৰেণ ফুকনৰ বাবে হ'ব পাৰে বৃহৎ ট্ৰেজেডী ।

    কেৱল ইমানেই নহয়, নাগৰিকত্ব সংশোধী আইনৰ সময়ত বিজেপিক চোকা সমালোচনা কৰা বহু জাতীয় সংগঠনৰ নেতা এতিয়া সাজু হৈছে বিজেপিত যোগদান কৰিবলৈ।
    Published by:Himangshu Bhuyan
    First published: