ব্ৰহ্মপুত্ৰৰ পাৰত মাজনিশা মাছ বিচাৰি ৰাইজৰ ভিৰ, মাঘ বিহুৰ উৰুকাৰ আগদিনা উৰেনিশা চলে এইখন মাছৰ বজাৰ

ব্ৰহ্মপুত্ৰৰ মাছেৰে উভৈনদী হৈ পৰা এইখন বজাৰৰ পৰা মাছ কিনিবলৈ প্ৰতিবছৰেই হয় ব্যাপক জনসমাগম।
ব্ৰহ্মপুত্ৰৰ মাছেৰে উভৈনদী হৈ পৰা এইখন বজাৰৰ পৰা মাছ কিনিবলৈ প্ৰতিবছৰেই হয় ব্যাপক জনসমাগম।
- News18 Assam
- Last Updated: January 13, 2021, 8:17 AM IST
কিমান দামত বিক্ৰী হৈছে চিতল, বৰালী, বাহু?
উৰুকাৰ ভোজত সকলোৰে প্ৰিয় চিতল, আৰি, বৰালী অথবা বাহু। সাধাৰণতে অন্য বজাৰৰ তুলনাত চুলুঙত সস্তাত পোৱা যায় মাছ। সেয়েহে কলিয়াভোমোৰা দলঙৰ সমীপৰ এইখন বজাৰত উজনি-নামনি তথা উত্তৰ অসমৰ বহু ঠাইৰ পৰা লোক আহে মাছ কিনিবলৈ। পিছে এইবাৰ এইখন বজাৰতো মাছৰ চৰা দামে বহুতকে নিৰাশ কৰিছে। সাধাৰণ বজাৰৰ দৰে চুলুঙতো এইবাৰ চিতলৰ দাম হৈছেগৈ ৭০০ৰ পৰা ৮০০ টকা। একেই দাম বাহু, আৰি অথবা বৰালীৰ ক্ষেত্ৰটো। ৭০০টকাৰ তলত পাবলৈ নাই মাছ। গ্ৰাহকৰ ভিৰ বৃদ্ধি পোৱাৰ লগে লগে চতুৰ ব্যৱসায়ীয়ে বৃদ্ধি কৰিছে মাছৰ দাম। তথাপিও ভোগৰ ভোগালীত পছন্দৰ মাছৰে এসাঁজ খোৱাৰ আশাতে সকলোৱে ক্ৰয় কৰিছে মাছ।