'খেতি কৰ বনিজত ধৰ' ভোগালী বিহুৰ পুৱাতে অসমীয়াৰ সংকল্প 

News18 Assam | News18-Assam
Updated:January 15, 2020, 3:14 PM IST
'খেতি কৰ বনিজত ধৰ' ভোগালী বিহুৰ পুৱাতে অসমীয়াৰ সংকল্প 
Source-Google

অম্বিকাগিৰি ৰায়চৌধুৰীৰ ভাষাৰে মেজিৰ জুইক সাক্ষী কৰি পথাৰ আৰু বজাৰ দখলৰ অংগীকাৰ স্বাভিমানী অসমীয়াৰ

  • Share this:
উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ পিছত বুধবাৰে পুৱা পৰম্পৰাগতভাৱে মেজি জ্বলালে অসমীয়াই ৷ গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত বিপণন ক্ষেত্ৰত মেজিত জুই দি পথাৰ আৰু বজাৰ দখলৰ সংকল্প ল'লে উপস্থিত সকলোৱে ৷

ৰাজ্যৰ বিশিষ্ট চলচিত্ৰ অভিনেতা প্ৰাঞ্জল শইকীয়াই কৰিলে তাৎপৰ্যপূৰ্ণ মন্তব্য– 'লাহে লাহে মই চিনেমা কৰা কমাম ৷ চিনেমাৰ ঠাইত মন দিম কৃষিত ৷ অসমৰ প্ৰতিগৰাকী লোকে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাক আদৰ্শ হিচাপে লোৱাৰ সময় এয়া ৷ জৈৱিক কৃষিত মনোনিৱেশৰ সময় এয়া ৷ জৈৱিক কৃষিত গুৰুত্ব দি পথাৰ দখল নকৰিলে প্ৰতিটো দিশতে অসমীয়া বিপদত পৰিব ৷ আন্দোলন বজাৰ আৰু পথাৰলৈ লৈ যাৱ লাগিব আমি ৷'

মেজিৰ জুইক সাক্ষী কৰি যুৱ ব্যৱসায়ী সত্যেন মহন্তই ল'লে সংকল্প ৷ মহন্তই ক'লে—'খেতি কৰ বণিজত ধৰ' ৷ অসমীয়া জন অসমীয়া মন' ৷ মিঞা আৰু কেঞাৰ পৰা আমি দখল কৰিব লাগিব পথাৰ আৰু বজাৰ ৷ শুনিবলৈ বেয়া হ'লেও মাংস-মাছ, শাক-পাচলী সকলো বজাৰ দখল কৰিলে মিঞাই ৷ অসমীয়া এনেবোৰ ব্যৱসায়ৰ পৰা বহু যোজন দূৰত ৷ এয়া ভাল কথা নহয় ৷ কৃষিৰ ক্ষেত্ৰতো পথাৰ নচলে মিঞা নহ'লে ৷ ঠিক একেদৰে কেঞা অৰ্থাৎ মাৰোৱাৰীৰ দখলত টাউনৰ সকলো ব্যৱসায় ৷ আমি আমাক প্ৰতিষ্ঠা কৰিব লাগিব ৷'
আৰু চাওক
পৰৱৰ্তী বাতৰি