অসম আৰক্ষীৰ নতুন সঞ্চালক প্ৰধান(ভাৰপ্ৰাপ্ত) হিচাপে নিযুক্ত হ’ল ভাস্কৰ জ্যোতি মহন্ত

News18 Assam | News18-Assam
Updated:November 29, 2019, 2:34 PM IST
অসম আৰক্ষীৰ নতুন সঞ্চালক প্ৰধান(ভাৰপ্ৰাপ্ত) হিচাপে নিযুক্ত হ’ল ভাস্কৰ জ্যোতি মহন্ত
৩০ নৱেম্বৰত অৱসৰ লব কুলধৰ শইকীয়াই

৩০ নৱেম্বৰত অৱসৰ লব কুলধৰ শইকীয়াই

  • Share this:
কোন হ’ব অসম আৰক্ষীৰ সঞ্চালক প্ৰধান? সেই লৈ ৰাজ্যত অব্যাহত আছে চৰ্চা। ৩০ নৱেম্বৰত আনুষ্ঠানিক ভাবে অৱসৰ ল’ব বৰ্তমান অসম আৰক্ষীৰ সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই। কিন্তু এতিয়ালৈকে UPSC এ চূড়ান্ত কৰা নাই অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধানৰ নাম। ফলত IPS বিষয়া ভাস্কৰ জ্যোতি মহন্তক অসম আৰক্ষীৰ ভাৰপ্ৰাপ্ত সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে।

উল্লেখযোগ্য যে, UPSC ৰ বৈঠকতহে অসমৰ পৰৱৰ্তী পুৰ্ণকালীন আৰক্ষী সঞ্চালকপ্ৰধান কোন হ’ব সেই লৈ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি