পুত্ৰ তেজ হাজৰিকাৰ লগতে সুৰক্ষিত আছে সুধাকণ্ঠ ভূপেন হাজৰিকালৈ আগবঢ়োৱা দেশৰ সৰ্বোচ্চ সন্মান ‘ভাৰতৰত্ন’। সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰি তেজ হাজৰিকাই স্পষ্ট কৰি দিছে এই কথা। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ভূপেন হাজৰিকালৈ মৰণোত্তৰভাৱে প্ৰদান কৰা ‘ভাৰতৰত্ন’ লৈ সপৰিয়ালে আমেৰিকালৈ ৰাওনা হয় তেজ হাজৰিকা। পিতৃলৈ আগবঢ়োৱা ভাৰতৰত্ন সন্মান লৈ ৬ দিনে গুৱাহাটীতে আছিল পুত্ৰ তেজ। পিছে চৰকাৰে কোনোধৰণৰ যোগাযোগ নকৰাত তেজ হাজৰিকা পুনৰ উভতি যায় আমেৰিকালৈ। আনুষ্ঠানিকভাৱে যোগাযোগ কৰিলে অৰ্পণ কৰা হ’ব ‘ভাৰতৰত্ন’। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত তেজ হাজৰিকাই উল্লেখ কৰিছে এই কথা।
উল্লেখ্য যে ভূপেন হাজৰিকাৰ ভাৰতৰত্ন ‘সন্ধানহীন’ বুলি প্ৰচাৰ কৰিছিল একাংশ সংবাদ মাধ্যমে। অসমৰ সংগীত জগতৰ উজ্জ্বল নক্ষত্ৰ ভূপেন হাজৰিকালৈ আগবঢ়োৱা দেশৰ সৰ্বোচ্চ সন্মান ভাৰতৰত্ন ক’ত আছে বুলি তোলপাৰ লাগিছিল ৰাজ্যত। এক প্ৰকাৰ বিতৰ্কৰ মাজত সোমাই পৰিছিল সমগ্ৰ বিষয়টো। আৰু অৱশেষত সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণ কৰি বিতৰ্কৰ অৱসান ঘটালে তেজ হাজৰিকাই।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : August 17, 2019, 13:45 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।