মুখ্যপৃষ্ঠা »খবৰ »অসম »'লভিতা'ক বিকৃত ৰূপত মঞ্চায়ন নকৰিবলৈ ভাৰতীয় গণনাট্য সংঘ আৰু প্ৰয়াস সাংস্কৃতিক বাহিনীৰ আহ্বান

'লভিতা'ক বিকৃত ৰূপত মঞ্চায়ন নকৰিবলৈ ভাৰতীয় গণনাট্য সংঘ আৰু প্ৰয়াস সাংস্কৃতিক বাহিনীৰ আহ্বান

আৱাহন থিয়েটাৰ নলবাৰীত মঞ্চায়ন হ’বলৈ যোৱাৰ সময়ত নলবাৰীৰ জনতাকো এই দিশত দৃষ্টি নিক্ষেপৰ আহ্বান জনায়।

আৱাহন থিয়েটাৰ নলবাৰীত মঞ্চায়ন হ’বলৈ যোৱাৰ সময়ত নলবাৰীৰ জনতাকো এই দিশত দৃষ্টি নিক্ষেপৰ আহ্বান জনায়।

  • Share this:
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰসিদ্ধ নাট 'লভিতা'ৰ নাট্যৰূপ দি বিতৰ্কৰ মাজত সোমাই পৰিছে নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য আৰু আৱাহনৰ প্ৰযোজক প্ৰস্তুতি পৰাশৰ। বিগত কেইদিনমান ধৰি এই বিষয়ে অসমৰ সামাজিক মাধ্যমত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে নাট্যকাৰগৰাকী।

ইয়াৰ মাজতে জ্যোতিপ্ৰসাদৰ 'লভিতা'ক বিকৃত ৰূপত মঞ্চায়ন নকৰিবলৈ ভাৰতীয় গণনাট্য সংঘ আৰু প্ৰয়াস সাংস্কৃতিক বাহিনীয়ে আহ্বান জনাইছে আবাহনৰ প্ৰযোজকৰ দায়িত্ব লোৱা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ আৰু নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যক।

দুয়োটা সংগঠনে বিষয়টোক গুৰুত্বসহকাৰে ল’বলৈ আহ্বান জনায় উল্লেখ কৰে যে ৰূপকোঁৱৰৰ মৌলিকতাক উপহাস কৰাৰ অধিকাৰ কাৰো নাই। এই দুই সংগঠনে লগতে আৱাহন থিয়েটাৰ নলবাৰীত মঞ্চায়ন হ’বলৈ যোৱাৰ সময়ত নলবাৰীৰ জনতাকো এই দিশত দৃষ্টি নিক্ষেপৰ আহ্বান জনায়।

উল্লেখ্য, 'লভিতা' নাট পূৰ্বতেও ভ্ৰাম্যমাণৰ মঞ্চত মঞ্চস্থ হৈছিল যদিও এইবাৰ নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যই ''মূল নাটকখনৰ প্ৰায় চল্লিশ শতাংশ সংলাপ, সকলোবোৰ চৰিত্ৰ একে ৰখাৰ পিছত বাকীখিনি সংলাপেৰে নাটকখন সংগীতত "ৰিমিক্স" কৰাৰ'' অভিযোগ উত্থাপন হৈছে। বহুতে লভিতা নাটখনক বিকৃত ৰূপ দিয়া বুলিও অভিযোগ উত্থাপন কৰিছে।

শেহতীয়া বাতৰি