• Home
  • »
  • News
  • »
  • assam
  • »
  • Bharatiya Kisan Sangh: কৃষি সামগ্ৰীৰ লাভজনক বজাৰমূল্যৰ দাবীত ৯ ছেপ্টেম্বৰত ভাৰতীয় কিষাণ সংঘ, অসমৰ ৰাজ্যজুৰি ধৰ্ণা

Bharatiya Kisan Sangh: কৃষি সামগ্ৰীৰ লাভজনক বজাৰমূল্যৰ দাবীত ৯ ছেপ্টেম্বৰত ভাৰতীয় কিষাণ সংঘ, অসমৰ ৰাজ্যজুৰি ধৰ্ণা

ইউৰিয়া সাৰৰ ছিণ্ডিকেট নিৰ্মূলৰ বাবে ৰাজ্যিক কৃষি বিভাগে লোৱা পদক্ষেপক আদৰণি।

ইউৰিয়া সাৰৰ ছিণ্ডিকেট নিৰ্মূলৰ বাবে ৰাজ্যিক কৃষি বিভাগে লোৱা পদক্ষেপক আদৰণি।

ইউৰিয়া সাৰৰ ছিণ্ডিকেট নিৰ্মূলৰ বাবে ৰাজ্যিক কৃষি বিভাগে লোৱা পদক্ষেপক আদৰণি।

  • Share this:


অহা ৯ ছেপ্টেম্বৰত ভাৰতীয় কিষাণ সংঘ (Bharatiya Kisan Sangh)ই ৰাজ্যজুৰি পালন কৰিব ধৰ্ণা কাৰ্যসূচী। মূলতঃ কৃষিজাত সামগ্ৰীৰ লাভজনক বজাৰমূল্যৰ দাবীত এই ধৰ্ণা কাৰ্যসূচী পালন কৰা হ'ব। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলযোগে সংগঠনটোৰ ৰাজ্যিক সম্পাদক কুমুদ চহৰীয়া আৰু সাংগঠনিক সম্পাদক কৃষ্ণকান্ত বৰাই এই কথা সদৰী কৰে।


জানিব পৰা মতে, কেন্দ্ৰীয় চৰকাৰে কৃষি আইনৰ মাধ্যমেৰে কৃষকৰ আৰ্থিক উন্নয়নৰ দৃষ্টিৰে আনিব বিচৰা কাৰ্যক কিষাণ সংঘই আদৰণি জনায় যদিও কিছু আধাৰকৃত সংশোধনৰ বাবে আহ্বান জনায়। ইয়াৰোপৰি শস্যৰ উৎপাদন খৰচৰ তুলনাত ফচলৰ বজাৰমূল্য নিম্নগামী হোৱা বুলি সংগঠনটোৱে আজিৰ সংবাদমেলত জানিবলৈ দিয়ে।


বিশেষকৈ কৃষিকাৰ্যত ব্যৱহৃত সামগ্ৰীৰ ব্যয়ৰ অনুপাতে চৰকাৰৰ ন্যূনতম সমৰ্থন মূল্য চমুকৈ MSPৰ বিপৰীতে উচিত লাভজনক বজাৰমূল্য প্ৰদানৰ দাবী জনায়। এই দাবীৰে সংগঠনটোৱে বিগত ১১ আগষ্টত প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰৰ সুদুত্তৰ নহাৰ বাবে ৮ ছেপ্টেম্বৰত দেশজুৰি ধৰ্ণা কাৰ্যসূচী পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সংবাদমেলযোগে জনায়।


অৱশ্যে উক্ত দিনা সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ জন্মদিন উপলক্ষে সংগঠনটোৰ অসম ৰাজ্যিক সমিতিয়ে ৯ ছেপ্টেম্বৰতহে পালন কৰিব বুলিও জনায়। ইফালে ইউৰিয়া সাৰৰ ছিণ্ডিকেট নিৰ্মূলৰ বাবে ৰাজ্যিক কৃষি বিভাগে লোৱা পদক্ষেপক সংগঠনটোৱে আজিৰ সংবাদমেলত আদৰণি জনায়।

Published by:Gautam Barman
First published: