স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত শনিবাৰে নগাঁও জিলাৰ ৰহাত উপস্থিত হয়হি ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় উপ সভাপতি তথা অসমৰ প্ৰভাৰী বৈজয়ন্ত জয়পাণ্ডা। কেন্দ্ৰীয় নেতাগৰাকীয়ে ৰহাত উপস্থিত হৈ মুক্তিযোদ্ধা পৰিয়ালৰ ঘৰে ঘৰে গৈ বিলালে ৰাষ্ট্ৰীয় পতাকা।
শনিবাৰে বিজেপিৰ অসমৰ প্ৰভাৰীগৰাকীয়ে হৰ ঘৰ তিৰংগা উপলক্ষে ৰহা চহৰ, কটহগুৰি, ফুলগুৰি, জাগিয়াল আদি অঞ্চলৰ মুক্তিযুঁজাৰু পৰিয়াল আৰু বিশিষ্ট সমাজকৰ্মীৰ ঘৰলৈ গৈ পৰিয়ালৰ খবৰ লোৱাৰ লগতে একোখনকৈ জাতীয় পতাকা বিতৰণ কৰে।
অসমৰ প্ৰভাৰীগৰাকীয়ে ভাৰতৰ প্ৰথম কৃষক বিদ্ৰোহ ফুলগুৰি ধেঁৱাৰ স্মৃতিসৌধত বন্তি প্ৰজ্বলন কৰাৰ লগতে হৰ ঘৰ তিৰংগাৰ এক সজাগতা সমদলতো ভাগ লয়।কেন্দ্ৰীয় নেতাগৰাকীক ৰহাত সংগদান কৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দীপ্লু ৰঞ্জন শৰ্মা,নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ প্ৰমুখ্যে বিজেপিৰ দলীয় বিষয়ববীয়াসকলে। আনহাতে ৰাষ্ট্ৰীয় উপ- সভাপতিগৰাকীয়ে বিজেপি দলৰ প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাসৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰো বুজ লয়।
Published by: Gautam Barman
FIRST PUBLISHED : August 13, 2022, 23:01 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|