• Home
  • »
  • News
  • »
  • assam
  • »
  • বিশিষ্ট সংগীত শিল্পী অঞ্জু দেৱীলৈ ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা

বিশিষ্ট সংগীত শিল্পী অঞ্জু দেৱীলৈ ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা

সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ লগত বহু চিৰযুগমীয়া গীতত কন্ঠ নিগৰোৱা সহযোগী শিল্পী গুৱাহাটীৰ অঞ্জু দেৱীলৈ আগবঢ়োৱা হৈছে ভাৰতৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা।

সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ লগত বহু চিৰযুগমীয়া গীতত কন্ঠ নিগৰোৱা সহযোগী শিল্পী গুৱাহাটীৰ অঞ্জু দেৱীলৈ আগবঢ়োৱা হৈছে ভাৰতৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা।

অঞ্জু দেৱীয়ে ড° ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা 'বনসংহ' চলচ্চিত্ৰত কন্ঠ নিগৰোৱা "নিজকে দেখি আজিকালি..." শীৰ্ষক গীতটি ৭০ দশকৰ এটি জনপ্ৰিয় গীত আছিল।

  • Share this:
সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ লগত বহু চিৰযুগমীয়া গীতত কন্ঠ নিগৰোৱা সহযোগী শিল্পী গুৱাহাটীৰ অঞ্জু দেৱীলৈ আগবঢ়োৱা হৈছে ভাৰতৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা। চেলেংহাটৰ অগ্ৰণী সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান 'উৰ্ উৰ্ উৰ্ উৰ্ অভ্ৰভেদী উৰে' সুধাকন্ঠৰ মৃত্যু দিনটোক আস্থাৰ দিন ৰূপে পালন কৰি অহাৰ লগতে প্ৰতিবছৰে এই অনুষ্ঠানটোৱে ভূপেন্দ্ৰ সংগীতৰ একনিষ্ঠ সাধক তথা বিশিষ্ট সংগীত শিল্পীক সুধাকন্ঠ ড° ভূপেন হাজৰিকা সোঁৱৰণী সমন্বয় বঁটা আগবঢ়াই আহিছে।

উল্লেখযোগ্য যে, এইবছৰ এই বঁটা লাভ কৰিছে ভূপেন্দ্ৰ সংগীতৰ নিৰলস সাধনা কৰি অহা তথা সুধাকন্ঠৰ লগত একেলগে কেইবাটাও চিৰযুগমীয়া গীতত কন্ঠ নিগৰোৱা বিশিষ্ট সংগীত শিল্পী অঞ্জু দেৱীয়ে। উল্লেখযোগ্য যে, অঞ্জু দেৱীয়ে সুধাকন্ঠৰ সৈতে "বন জুই বনতহে জ্বলে...", "এন্ধাৰ কাটি নিশাতে...", আদিৰ দৰে চিৰসেউজ গীতত সহযোগী শিল্পী হিচাপে কন্ঠ নিগৰাইছিল।

অঞ্জু দেৱীয়ে ড° ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা 'বনসংহ' চলচ্চিত্ৰত কন্ঠ নিগৰোৱা "নিজকে দেখি আজিকালি..." শীৰ্ষক গীতটি ৭০ দশকৰ এটি জনপ্ৰিয় গীত আছিল। আনহাতে, অহা ৫ নৱেম্বৰত চেলেংহাট বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সুধাকন্ঠৰ মৃত্যুৰ দিনটোত উৰ্ উৰ্ উৰ্ উৰ্ অভ্ৰভেদী উৰে আয়োজন কৰা আস্থাৰ দিনৰ অনুষ্ঠানত শিল্পী গৰাকীক এই বঁটা প্ৰদান কৰা হ'ব।

উল্লেখযোগ্য যে, বিশিষ্ট শিক্ষাবিদ প্ৰয়াত পুনাৰাম গগৈ আৰু জয়দা গগৈ ফাউণ্ডেচনৰ তৰফৰ পৰা আগবঢ়োৱা এই বঁটাত থাকিব নগদ ধনৰ টোপোলা, এখনি প্ৰশস্তি পত্ৰ, সুধাকন্ঠৰ স্মাৰক ৰূপৰ তঁৰা খচিত এটি টুপী লগতে এখন চেলেং চাদৰ। বঁটা প্ৰদান কৰিব যোৰহাটস্থ উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী তথা যোৰহাট জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি ড° পৰাণ বৰুৱাই।

'আস্থাৰ দিন'ৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা "সুন্দৰ সূৰ্য ধিয়াই নতুন দিগন্তলৈ" শীৰ্ষক স্মৃতিগ্ৰন্থ খন উন্মোচন কৰিব অসম মহিলা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড° গীতিমণি হাতীমূৰীয়াই। নিশালৈ 'সুধাকণ্ঠ সোঁৱৰণী সাংস্কৃতিক সন্ধ্যা' অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব বুলি জনাইছে সভাপতি কাজু গগৈ আৰু সম্পাদক অনুপম গগৈয়ে।
Published by:Subham Goswami
First published:

শেহতীয়া বাতৰি