‘কোৰোণা ভেকচিনৰ পৰীক্ষণ হ’ব GMCHত, প্লাজমা দান কৰিলে পাব চৰকাৰী চাকৰিত সুবিধা’

News18 Assam | News18-Assam
Updated:August 14, 2020, 1:47 PM IST
‘কোৰোণা ভেকচিনৰ পৰীক্ষণ হ’ব GMCHত, প্লাজমা দান কৰিলে পাব চৰকাৰী চাকৰিত সুবিধা’
গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানত প্লাজমা দান শিৱিৰ অনুষ্ঠিত হৈছে।

গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানত প্লাজমা দান শিৱিৰ অনুষ্ঠিত হৈছে।

  • Share this:
গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানত প্লাজমা দান শিৱিৰ অনুষ্ঠিত হৈছে। অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে জয়ন্তমল্ল বৰুৱা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত্‍ দাসো উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত কোৰোণা ভাইৰাছৰ ভয়াৱহ সংক্ৰমণৰ কথা উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে, ‘জটিল ৰোগত আক্ৰান্ত হোৱা ৰোগী কোৰোণাত আক্ৰান্ত হ’লে স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে। কিডনী ৰোগী আৰু কৰ্কট ৰোগত আক্ৰান্ত লোক কোৰোণাৰ ফলত সৰ্বাধিক মৃত্যু মুখত পৰিছে। কৰ্কট আৰু কিডনী ৰোগী কোৰোণাত আক্ৰান্ত হৈ প্ৰায় ৩০০ জন ব্যক্তিৰ মৃত্যু হৈছে।’

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘অসমে এটা দিনত সৰ্বাধিক এক লাখ ৪৩ হাজাৰ পৰীক্ষা কৰিছে। যিটো এটা অভিলেখ। দেশৰ কোনো ৰাজ্যই এটা দিনত ইমানসংখ্যক পৰীক্ষা কৰা নাই। এজন জটিল ৰোগীৰ বাবদ ৬০-৭০ হাজাৰ টকা খৰচ কৰা হৈছে। দেশৰ আন ৰাজ্যতকৈ অসমত মৃত্যুৰ হাৰ সৰ্বনিম্ন।’

প্লাজমা দানৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে, ‘৪ আগষ্টৰ পৰা ৰাজ্যত প্লাজমা প্ৰদান পক্ৰিয়া আৰম্ভ হৈছে। বহু কোৰোণাৰ পৰা আৰোগ্য লাভ কৰা লোক প্লাজমা দান কৰিবলৈ আগ্ৰহী। শুকুৰবাৰৰ দিনটোত ২৯৫ গৰাকীয়ে প্লাজমা দান কৰিবলৈ আগবাঢ়ি আহিছে।কোৰোণাৰ সময়ত চৰকাৰে অবিস্মৰণীয় কাম কৰিছে। চৰকাৰী চাকৰিত সুবিধা পাব প্লাজমা প্ৰদান কৰা সকলে।’ মন্ত্ৰীগৰাকীয়ে লগতে ভাৰত বায়টেকে নিৰ্মাণ কৰা কোৰোণাৰ ভেকচিনৰ ট্ৰাইলৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা গুৱাহাটী মেডিকেল কলেজত হ’ব বুলিও উল্লেখ কৰে।

ইফালে কংগ্ৰেছক কটাক্ষ কৰি মন্ত্ৰী শৰ্মাই কয় যে,‘স্বাস্থ্য বিভাগৰ প্লাজমা প্ৰদান কৰিবলৈ জনোৱা আহ্বানক কেৱল বিজেপিয় সঁহাৰি দিছে। কংগ্ৰেছে প্লাজমা শিবিৰ পাতিলে সেই শিবিৰলৈ যাম।’
Published by: Himangshu Bhuyan
First published: August 14, 2020, 1:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading