কাইলৈ ভাৰত বন্ধ, কোনে দিছে বন্ধ, ক’ত ক’ত পৰিব প্ৰভাৱ?

News18 Assam | News18-Assam
Updated:January 7, 2020, 12:27 PM IST
কাইলৈ ভাৰত বন্ধ, কোনে দিছে বন্ধ, ক’ত ক’ত পৰিব প্ৰভাৱ?
বন্ধৰ সময়ছোৱাত বেংক সেৱাতো প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। এই বন্ধলৈ সমৰ্থন আগবঢ়াইছে ৬টাকৈ বেংক ইউনিয়নে।

বন্ধৰ সময়ছোৱাত বেংক সেৱাতো প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। এই বন্ধলৈ সমৰ্থন আগবঢ়াইছে ৬টাকৈ বেংক ইউনিয়নে।

  • Share this:
৮ জানুৱাৰীত মোদী চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ভাৰত বন্ধৰ আহ্বান জনাইছে কেইবাটাও সংগঠনে। আই এন টি ইউ চি, এ আই টি উফ চি, চিটু, এ আই ইউ টি ইউ চি, এ আই চি চি টি ইউ আদিকে ধৰি কেইবাটাও সংগঠন আৰু সন্মিলিত মঞ্চই সমৰ্থন আগবঢ়াইছে এই বন্ধলৈ। দেশজুৰি এই বন্ধত ২৫ কোটি লোকে অংশ ল’ব বুলি দাবী কৰিছে বন্ধৰ আহ্বান জনোৱা শ্ৰমিক সংগঠনে।

বন্ধৰ সময়ছোৱাত বেংক সেৱাতো প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। বেংক খণ্ডলৈ পৰিৱৰ্তনৰ নামত মোদী চৰকাৰে লোৱা আৰু শ্ৰম নীতিৰ বিৰুদ্ধে বেংক কৰ্মীসকলেও আগবঢ়াব সমৰ্থন। এই বন্ধলৈ সমৰ্থন আগবঢ়াইছে ৬টাকৈ বেংক ইউনিয়নে।

NEWS18 অসম ত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক
পৰৱৰ্তী বাতৰি