ভূতনাথ শ্মশানৰ দুই পাষণ্ড চণ্ডালে ব্ৰহ্মপুত্ৰত পেলাই দিছিল অসীমক, আৰক্ষীৰ জেৰাত চাঞ্চল্যকৰ স্বীকাৰোক্তি

News18-Assam
Updated:July 19, 2019, 10:45 AM IST
ভূতনাথ শ্মশানৰ দুই পাষণ্ড চণ্ডালে ব্ৰহ্মপুত্ৰত পেলাই দিছিল অসীমক, আৰক্ষীৰ জেৰাত চাঞ্চল্যকৰ স্বীকাৰোক্তি
আৰক্ষীৰ জেৰাত দুই অভিযুক্তই সেইদিনা নিশা অসীমৰ সৈতে সিঁহতৰ কাজিয়া হৈছিল বুলি স্বীকাৰ কৰিছে।

আৰক্ষীৰ জেৰাত দুই অভিযুক্তই সেইদিনা নিশা অসীমৰ সৈতে সিঁহতৰ কাজিয়া হৈছিল বুলি স্বীকাৰ কৰিছে।

  • Share this:
ৰহস্য ফাদিল হৈছে গুৱাহাটীৰ ভূতনাথ শ্মশানত যোৰহাটৰ অসীম বৰুৱা নামৰ যুৱকজন নিখোজ হোৱা ঘটনাৰ। ৯ জুলাইত ভূতনাথ শ্মশানৰ দুই চণ্ডালে ব্ৰহ্মপুত্ৰলৈ গতিয়াই দি হত্যা কৰিছিল অসীম বৰুৱাক। শ্মশানখনৰ দুই অভিযুক্ত চণ্ডাল ভগীৰথ সৰকাৰ আৰু নৱ দাসক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ভৰলুমুখ আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত দুই চণ্ডালে স্বীকাৰ কৰিছে অসীমক ব্ৰহ্মপুত্ৰত গতিয়াই দিয়াৰ কথা।

গুৱাহাটীৰ মাছখোৱাৰ ঋতুৰাজ হোটেলৰ কৰ্মচাৰী আছিল অসীম। এমাহ পূৰ্বে হোটেলখনৰ চাকৰিত যোগদান কৰা অসীম বৰুৱা ৯ জুলাইৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈছিল। আৰক্ষীৰ জেৰাত গ্ৰেপ্তাৰ কৰা দুই চণ্ডালে স্বীকাৰ কৰিছে যে ভূতনাথ শ্মশানৰ পিছফালৰ ৰেলিঙৰ পৰা ব্ৰহ্মপুত্ৰত পেলাই দিছিল অসীমক। তেতিয়াৰে পৰা সন্ধানহীন হৈ আছে অসীম বৰুৱা।

দুই অভিযুক্তৰ স্বীকাৰোক্তিৰ পিছতে আৰক্ষীয়ে এছ ডি আৰ এফৰ সহায়ত অসীম বৰুৱাৰ সন্ধান চলাইছে যদিও এতিয়ালৈ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই। বৃহস্পতিবাৰে এছ ডি আৰ এফৰ অভিযানত বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ হয় আন এগৰাকী যুৱতীৰ মৃতদেহ। উৱলি যোৱা অৱস্থাত উদ্ধাৰ হোৱা যুৱতীগৰাকীক চিনাক্ত কৰিব পৰা হোৱা নাই।

৯ জুলাইৰ নিশা প্ৰায় ১২ বজাত কৰ্মস্থলী ঋতুৰাজ হোটেলৰ পৰা ওলাই গৈছিল অসীম। নিশা প্ৰায় ২ বজাত অসীমে মাকলৈ ফোন কৰিছিল। অসীমৰ ফোনত এজন যুৱকে নিজকে ভূতনাথ শ্মশানৰ চণ্ডাল বুলি পৰিচয় দি কৈছিল অসীম নিচাসক্ত, আপোনালোকে আহি লৈ যাওক। কিন্তু সেই সময়ত যোৰহাটৰ পৰা আহি পিতৃ–মাতৃয়ে অসীমক লৈ যোৱাটো সম্ভৱপৰ নাছিল। মাকে অসীমক সেই স্থানতে ৰাখি পুৱা যাবলৈ দিবলৈ অনুৰোধ জনাইছিল। কিন্তু সেই নিশাই ৩ বজাত অসীমৰ ম’বাইললৈ ফোন কৰাত চণ্ডালজনে ফোনটো ধৰি মাকক জনাইছিল যে অসীম সেই স্থানত নাই।

১০ জুলাইত অসীমৰ পিতৃ–মাতৃ উপস্থিত হয় গুৱাহাটীত। ভূতনাথ শ্মশানত চণ্ডাল ভগীৰথে অসীমৰ পিতৃ–মাতৃক দেখা কৰি ম’বাইল ফোন দুটা চমজাই দিছিল। ইয়াৰ পিছতে পিতৃ–মাতৃয়ে ভৰলুমুখ থানাত অসীম সন্ধানহীন হোৱা বুলি এজাহাৰ দাখিল কৰিছিল। আৰক্ষীৰ জেৰাত দুই অভিযুক্তই সেইদিনা নিশা অসীমৰ সৈতে সিঁহতৰ কাজিয়া হৈছিল বুলি স্বীকাৰ কৰিছে। অৱশ্যে নিশা অসীম কিয় দুই চণ্ডালৰ সৈতে ভূতনাথ শ্মশানত আছিল সেয়া পোহৰলৈ অহা নাই।

দুই অভিযুক্তই আৰক্ষীৰ জেৰাত হত্যাৰ কথা স্বীকাৰ কৰিছে যদিও পিতৃ–মাতৃয়ে এই কথা মানি ল’ব পৰা নাই। পিতৃ–মাতৃৰ মতে অসীমক ক’ৰবাত লুকুৱাই ৰাখিছে।
First published: July 19, 2019, 10:45 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading