• Home
  • »
  • News
  • »
  • assam
  • »
  • PSO লাগিবই, নহ'লে ৰাস্তাতে যদি কোনোবাই চৰিয়াই দিয়ে! নিশা মদাহীয়ে যদি আক্ৰমণ কৰে- বিজেপি সভাপতি ভবেশ কলিতা

PSO লাগিবই, নহ'লে ৰাস্তাতে যদি কোনোবাই চৰিয়াই দিয়ে! নিশা মদাহীয়ে যদি আক্ৰমণ কৰে- বিজেপি সভাপতি ভবেশ কলিতা

PSO Culture: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই PSO কমাবলৈ জনোৱা আহ্বানৰ পিছতে কেইবাজনো বিধায়কে PSO ত্যাগ কৰিছে। কিন্তু লাহে লাহে শাসকীয় বিধায়কৰ মাজতো PSOৰ মোহ থকাটো স্পষ্ট হৈ পৰিছে।

  • Share this:
বিগত কিছুদিন ধৰি অসমৰ নেতা-মন্ত্ৰী-বিধায়কৰ PSO ত্যাগৰ প্ৰসংগই জমাই ৰাখিছে ৰাজ্যৰ ৰাজনীতি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই PSO কমাবলৈ জনোৱা আহ্বানৰ পিছতে কেইবাজনো বিধায়কে PSO ত্যাগ কৰিছে। কিন্তু লাহে লাহে শাসকীয় বিধায়কৰ মাজতো PSOৰ মোহ থকাটো স্পষ্ট হৈ পৰিছে। শেহতীয়াকৈ ৰাজ্যিক বিজেপি (BJP)ৰ সভাপতি ভবেশ কলিতা (Bhabesh Kalita)ইও এই প্ৰসংগত মুখ খুলিছে। ভবেশ কলিতাই নেৰে PSO.

ভবেশ কলিতাই কয় যে জনপ্ৰতিনিধিক PSO লাগিবই। তেওঁ কয়,  "এগৰাকী বিধায়ক বহু কাম-কাজৰ বাবে নিশাৰ ভাগত ৰজপথেৰে যাব লগা হয়। তেনে ক্ষেত্ৰত কোনোৱে যদি বিধায়ক বুলি চিনি নাপাই গতিয়াই দিয়ে বা চৰ মাৰি দিয়ে কি হ'ব? বিৰোধীয়েও জানি শুনি তেনে কাম কৰিব পাৰে। কোনোৱে নিজৰ আক্ৰোশ পূৰণণৰ বাবে প্ৰতিশোধ ল'বৰ বাবেও তেনে কৰিব পাৰে।" আনকি নিশা কোনো মদাহীয়েও আক্ৰমণ কৰিব পাৰে বুলি কয় ভবেশ কলিতাই।

আনহাতে মন্ত্ৰী পিযুষ হাজৰিকা (Pijush Hazarika)ই কয় যে সকলো PSO এৰি দিবলৈ মুখ্যমন্ত্ৰীয়ে কোৱা নাই। PSO জনপ্ৰতিনিধিৰ সাংবিধানিক অধিকাৰ বুলিও কয় মন্ত্ৰীগৰাকীয়ে।
Published by:Manjumoni Borah
First published: