মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব লৈ আবেগিকক ভৱেশ কলিতা

ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব লৈ আবেগিকক ভৱেশ কলিতা

News18 Assam | News18-Assam
Updated:June 27, 2021, 8:53 AM IST
ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব লৈ আবেগিকক ভৱেশ কলিতা
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ভৱেশ কলিতাক অসম বিজেপিৰ সভাপতি হিচাপে নিযুক্তি দিয়ে।

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ভৱেশ কলিতাক অসম বিজেপিৰ সভাপতি হিচাপে নিযুক্তি দিয়ে।

  • Share this:
শনিবাৰে ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ ৰাজ্যিক সভাপতিৰ দায়িত্ব লাভ কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ভৱেশ কলিতাক অসম বিজেপিৰ সভাপতি হিচাপে নিযুক্তি দিয়ে।

"ভাৰতীয় জনতা পাৰ্টিৰ, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতিৰ পদৰ দৰে এক দায়িত্বশীল পদ আস্থা আৰু বিশ্বাসেৰে মোৰ হাতত অৰ্পণ কৰাৰ বাবে ৰাষ্ট্ৰীয় সভাপতি মাননীয় জে পি নাড্ডা ডাঙৰীয়া প্ৰমুখ্যে সমূহ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক নেতৃত্বক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। দলৰ সাংগঠনিক ক্ষেত্ৰৰ এই গুৰুদায়িত্ব ন্যস্ত কৰাৰ বাবে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ম। আশা কৰিছো, কেন্দ্ৰীয় তথা ৰাজ্যিক নেতৃত্ব, দলীয় কাৰ্যকর্তা আৰু অসমবাসী ৰাইজৰ সহায়-সহযোগ আৰু দিহা-পৰামৰ্শক সাৰথি কৰি ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাত আমি যৎপৰোনাস্তি চেষ্টাক সাকাৰ ৰূপ দিবলৈ সক্ষম হ'ম।" – এয়া মন্ত্ৰী ভৱেশ কলিতাৰ অনুভৱ ৷

বিচাৰধাৰা পৰিবাৰৰ পৰা অহা ভৱেশ কলিতা এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি ৷ ভৱেশ কলিতা সভাপতি হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই লিখিছে,  বিজেপি (Bharatiya Janata Party)ৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত জে পি নাড্ডা (J P Nadda) ডাঙৰীয়াই অসম বিজেপি (BJP Assam Pradesh)ৰ ৰাজ্যিক সভাপতি হিচাপে বিজেপিৰ জ্যেষ্ঠ নেতা, প্ৰাক্তন ৰাজ্যিক সাধাৰণ সম্পাদক, প্ৰাক্তন মন্ত্ৰী আৰু ৰঙিয়া সমষ্টিৰ মাননীয় বিধায়ক শ্ৰীযুত ভৱেশ কলিতা (Bhabesh kalita)ক নিযুক্তি প্ৰদান কৰিছে। তেখেতলৈ আন্তৰিক আৰু উষ্ম অভিনন্দন জ্ঞাপন কৰিলোঁ। ভবেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত আগন্তুক দিনত সংগঠন সকলো স্তৰত শক্তিশালী ভাবে গঢ়ি তোলাত তেখেত সফল হ’ব বুলি আমাৰ বিশ্বাস।
Published by: Sanjay Kumar Das
First published: June 27, 2021, 8:53 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি