• Home
  • »
  • News
  • »
  • assam
  • »
  • Bhabesh Kalita : ''শিক্ষাৰ ক্ষেত্ৰত কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছে একাংশ পঢ়া–শুনা নকৰা লোকে'' – বিজেপি সভাপতি ভৱেশ কলিতা

Bhabesh Kalita : ''শিক্ষাৰ ক্ষেত্ৰত কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰিছে একাংশ পঢ়া–শুনা নকৰা লোকে'' – বিজেপি সভাপতি ভৱেশ কলিতা

প্ৰসংগঃ গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদানৰ মাধ্যম ইংৰাজী

প্ৰসংগঃ গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদানৰ মাধ্যম ইংৰাজী

প্ৰসংগঃ গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদানৰ মাধ্যম ইংৰাজী

  • Share this:
ৰাজ্য চৰকাৰে কেবিনেটত গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠদানৰ মাধ্যম ইংৰাজী কৰাৰ প্ৰসংগত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে।

বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেন গোহাঁইকে ধৰি সাহিত্যিক নগেন শইকীয়া, অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া আদিৰ উপৰি দল–সংগঠনেও ইয়াৰ বিৰোধিতা কৰা দেখা গৈছে।

ইংৰাজী মাধ্যমৰ বিৰোধিতাৰ প্ৰসংগত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতায়ো (State BJP President Bhabesh Kalita) আগবঢ়ায় মত। কলিতাৰ মতে, ''একাংশ পঢ়া–শুনা নকৰা লোকে বিৰোধিতা কৰিছে শিক্ষাৰ ক্ষেত্ৰত কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ।''

বিজেপি সভাপতিগৰাকীৰ মতে, গণিত আৰু বিজ্ঞান বিষয়ৰ মাধ্যম ইংৰাজী কৰাৰ ক্ষেত্ৰত ছাত্র সমাজৰ কোনো আপত্তি নাই। তেওঁ মাধ্যম ইংৰাজী হ'লেই মাতৃভাষাৰ কোনো ক্ষতি নহয় বুলিও প্ৰকাশ কৰে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি