মুখ্যপৃষ্ঠা » খবৰ

» অসম

»সভাপতি হোৱাৰ পিছত প্ৰথমখন সংবাদমেল ভৱেশ কলিতাৰ, ক’লে – জ্যেষ্ঠক সন্মান, সৰুক মৰম নীতিৰে আমি আগবাঢ়িম

সভাপতি হোৱাৰ পিছত প্ৰথমখন সংবাদমেল ভৱেশ কলিতাৰ, ক’লে – জ্যেষ্ঠক সন্মান, সৰুক মৰম নীতিৰে আমি আগবাঢ়িম

News18 Assam | News18-Assam
Updated:June 27, 2021, 1:51 PM IST
সভাপতি হোৱাৰ পিছত প্ৰথমখন সংবাদমেল ভৱেশ কলিতাৰ, ক’লে – জ্যেষ্ঠক সন্মান, সৰুক মৰম নীতিৰে আমি আগবাঢ়িম
সংবাদ মেলত ভৱেশ কলিতাই কয় যে বিজেপি পাৰ্টী সকলোৰে বাবে। বাকী দল পৰিয়ালকেন্দ্ৰিক, বিজেপি সকলোৰে বাবে।

সংবাদ মেলত ভৱেশ কলিতাই কয় যে বিজেপি পাৰ্টী সকলোৰে বাবে। বাকী দল পৰিয়ালকেন্দ্ৰিক, বিজেপি সকলোৰে বাবে।

  • Share this:
বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি পোৱাৰ পিছত আজি দলীয় কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে ভৱেশ কলিতাই। সংবাদ মেলত উপস্থিত থাকে ৰণজিত কুমাৰ দাসো। সংবাদমেলত নৱনিযুক্ত সভাপতি ভৱেশ কলিতাই কয়, ‘‘বিগত সময়ছোৱাত ৰণজিত দাসে সুন্দৰভাৱে দলটোক আগবঢ়াই নিছে। তাৰবাবে বহুত ধন্যবাদ ৰণজিত দাসক। এক পদ এক নীতি অনুসৰি দলে সভাপতিৰ দায়িত্ব সলনি কৰিছে। মোৰ ওপৰত গধূৰ দায়িত্ব অৰ্পণ কৰা বাবে দলটোক ধন্যবাদ।’’

‘‘আগন্তুক দিনত আপোনালোকৰ মৰম–আশীৰ্বাদ লৈ আগবাঢ়িম। জ্যেষ্ঠক সন্মান, সৰুক মৰম নীতিৰে আমি আগবাঢ়িব লাগিব। বিগত ৫ বছৰ সুন্দৰভাৱে চলিছে। বৰ্তমানৰ নতুন চৰকাৰে ভালদৰে আগবাঢ়িছে, ইয়াৰ বাবে ৰণজিত দাস ধন্যবাদৰ পাত্ৰ।’’ – সংবাদমেলত মন্তব্য ভৱেশ কলিতাৰ।

ভৱেশ কলিতাই কয়, ‘‘আমাৰ নেতা কোনো নহয়, আমি এটা পৰিয়ালৰ ধৰণে আগবাঢ়ো। এনেদৰে আগবাঢ়িলে বিজেপিৰ ধ্বজা আগবাঢ়িব। সংবাদ মাধ্যমে সঠিক পথ দেখুৱাব,

সময়ে সময়ে ভুলবোৰ দেখুৱাই যাব।’’

সংবাদ মেলত ভৱেশ কলিতাই কয় যে বিজেপি পাৰ্টী সকলোৰে বাবে। বাকী দল পৰিয়ালকেন্দ্ৰিক, বিজেপি সকলোৰে বাবে।

উল্লেখযোগ্য যে ২৯ জুনত সভাপতি ৰূপে দায়িত্ব গ্ৰহণ কৰিব কলিতাই। ৩খন আসনৰ বাবে হ’বলগা উপ–নিৰ্বাচনত সকলো আসন নিজৰ হাতলৈ আনিবলৈ চেষ্টা কৰিব। কলিতাই কয়,  ‘‘বিপিএফ কংগ্ৰেছৰ সৈতে থাকিব নিবিচাৰে সেইটো স্বাভাৱিক। নিৰ্বাচনৰ পূৰ্বেই মহাজোঁটক মহাযঁট আখ্যা দিছিলো। আমাৰ নীতি–আদৰ্শত কোনো দল আহিব বিচাৰিলে স্বাগতম। বিপি এফে কংগ্ৰেছক ডিভোৰ্চ লেটাৰ দিলে। কিন্তু কোনো দল নিঃশেষ হোৱাটো নিবিচাৰো।
Published by: Sanjay Kumar Das
First published: June 27, 2021, 1:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি