জয়ী হোৱাৰ পিছত আগৰ কাৰ্যকালত আধৰুৱা হৈ ৰোৱা কামসমূহ সম্পূৰ্ণ কৰাৰ কথা উল্লেখ কৰে ভৱেশ কলিতাই।
জয়ী হোৱাৰ পিছত আগৰ কাৰ্যকালত আধৰুৱা হৈ ৰোৱা কামসমূহ সম্পূৰ্ণ কৰাৰ কথা উল্লেখ কৰে ভৱেশ কলিতাই।
ৰঙিয়া সমষ্টিত পুনৰ ভৱেশ কলিতাৰ বিজয়। দ্বিতীয়বাৰৰ বাবে জয়ী হ'ল ৫৭নং ৰঙিয়া বিধানসভা সমষ্টিৰ পৰা। নিকটতম প্ৰতিদ্বন্দ্বী মহাজোঁটৰ প্ৰাৰ্থী ভগৱান দেৱ মিশ্ৰক প্ৰায় ১৯,১৯৪ ভোটত ভৱেশ কলিতাই পৰাস্ত কৰে। জয়ী হোৱাৰ পিছত আগৰ কাৰ্যকালত আধৰুৱা হৈ ৰোৱা কামসমূহ সম্পূৰ্ণ কৰাৰ কথা উল্লেখ কৰে ভৱেশ কলিতাই। লগতে দ্বিতীয়বাৰৰ বাবে মন্ত্ৰী হ’ব বুলিও আশাবাদী ভৱেশ কলিতা। মন্ত্ৰী ভৱেশ কলিতা জয়ী হোৱাৰ পিছতে সমৰ্থকসকল উৎফুল্লিত হৈ পৰে। সমষ্টিটোত বিজেপিয়ে ৮২,০৭৮ ভোট লাভ কৰাৰ বিপৰীতে চিপিএমে ৬২,৮৮৪ ভোট লাভ কৰে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|