• Home
  • »
  • News
  • »
  • assam
  • »
  • চাকৰিৰ নামত যুৱতীৰ পৰা টকা বিচাৰিছিল নেকি ভৱেশ কলিতাই? গুৰুতৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ

চাকৰিৰ নামত যুৱতীৰ পৰা টকা বিচাৰিছিল নেকি ভৱেশ কলিতাই? গুৰুতৰ অভিযোগক লৈ প্ৰতিক্ৰিয়া বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ

অভিযোগ উত্থাপন কৰা যুৱতীগৰাকীৰ বিৰুদ্ধে বিজেপিৰ নেতাজনে ইতিমধ্যে ৰঙিয়া সদৰ থানাত এক গোচৰ ৰুজু  কৰিছে।

অভিযোগ উত্থাপন কৰা যুৱতীগৰাকীৰ বিৰুদ্ধে বিজেপিৰ নেতাজনে ইতিমধ্যে ৰঙিয়া সদৰ থানাত এক গোচৰ ৰুজু  কৰিছে।

অভিযোগ উত্থাপন কৰা যুৱতীগৰাকীৰ বিৰুদ্ধে বিজেপিৰ নেতাজনে ইতিমধ্যে ৰঙিয়া সদৰ থানাত এক গোচৰ ৰুজু  কৰিছে।

  • Share this:
শেহতীয়াকৈ জয়া কলিতা নামৰ এগৰাকী যুৱতীয়ে চাকৰি দিয়াৰ বিনিময়ত স্থানীয় বিধায়ক ভৱেশ কলিতাই টকা বিচৰা বুলি এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগ সন্দৰ্ভত ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যুৱতীগৰাকীক তেখেতে চিনি পায় আৰু যুৱতীগৰাকীয়ে যোৱাবাৰ AGPৰ পৰা ৱাৰ্ড কাউঞ্চিলাৰ খেলিছিল। কিন্তু নিৰ্বাচনত বেয়াকৈ পৰাজিত হোৱাৰ পিছতেই বিধায়কক চাই লম বুলি পোষ্ট কৰিছিল বুলি ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে কয়।

জানিব পৰা মতে, অভিযোগ উত্থাপন কৰা যুৱতীগৰাকীৰ বিৰুদ্ধে বিজেপিৰ নেতাজনে ইতিমধ্যে ৰঙিয়া সদৰ থানাত এক গোচৰ ৰুজু  কৰিছে। ইয়াৰোপৰি তেখেতে সংবাদ মাধ্যমৰ জৰিয়তে যুৱতীগৰাকীক যদি প্ৰমাণ আছিল তেন্তে ইমানদিনে কিয় ফাদিল কৰা নাছিল বুলিও প্ৰশ্ন কৰে।

ইয়াৰোপৰি যুৱতীগৰাকীৰ এই অভিযোগৰ বিৰুদ্ধে আইনী যুঁজৰ বাবে সাজু বুলিও সংবাদ মাধ্যমৰ আগত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে ব্যক্ত কৰে।

ইফালে এই সমগ্ৰ বিষয়টো সন্দৰ্ভত ভৱেশ কলিতাই সামাজিক মাধ্যম টুইটাৰত দুটাকৈ টুইট কৰিছে। প্ৰথমটো টুইটত তেখেতে লিখিছে- "যোৱা কালি নিশা শ্ৰী জয়া কলিতা নামৰ এগৰাকী মহিলাই মোক জনমানসত হেয় প্ৰতিপন্ন আৰু ভাৱমূৰ্ত্তি বিনষ্ট কৰিবলৈ সামাজিক মাধ্যম যোগে কিছু অপপ্ৰচাৰ তথা ভিত্তিহীন অভিযোগ অনাৰ পৰিপ্ৰেক্ষিতত মহিলা গৰাকীৰ বিৰুদ্ধে আজি ৰঙিয়া সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰো।" আনটো টুইটত তেওঁ উল্লেখ কৰিছে- "এইক্ষেত্ৰত মহিলা গৰাকীৰ বিৰুদ্ধে উচিত আৰু ক্ষিপ্ৰ তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আবেদন জনালো। এইক্ষেত্ৰত সত্য প্ৰতিষ্ঠা হবই বুলি মই আত্মবিশ্বাসী।"
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি