• Home
  • »
  • News
  • »
  • assam
  • »
  • Bhaben Baruah Award : ২০২২ বৰ্ষৰ 'ভবেন বৰুৱা বঁটা' প্ৰবীণ অভিনেতা দীনেশ দাসলৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঘোষণা

Bhaben Baruah Award : ২০২২ বৰ্ষৰ 'ভবেন বৰুৱা বঁটা' প্ৰবীণ অভিনেতা দীনেশ দাসলৈ, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ঘোষণা

৩ ছেপ্টেম্বৰ তাৰিখে নাট্য মন্দিৰ, নলবাৰীত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰবীণ অভিনেতা দীনেশ দাসক বঁটা প্ৰদান কৰিব।

৩ ছেপ্টেম্বৰ তাৰিখে নাট্য মন্দিৰ, নলবাৰীত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰবীণ অভিনেতা দীনেশ দাসক বঁটা প্ৰদান কৰিব।

৩ ছেপ্টেম্বৰ তাৰিখে নাট্য মন্দিৰ, নলবাৰীত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰবীণ অভিনেতা দীনেশ দাসক বঁটা প্ৰদান কৰিব।

  • Share this:
অসমৰ চলচ্চিত্ৰ জগতৰ প্ৰবীন অভিনেতা দীনেশ দাসক প্ৰদান কৰা হ'ব ২০২২ বৰ্ষৰ 'ভবেন বৰুৱা বঁটা'। অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিয়ে সংবাদমেল যোগে এই ঘোষণা কৰে।

৩ ছেপ্টেম্বৰত নলবাৰী নাট্য মন্দিৰত প্ৰদান কৰিব এই বঁটা। উল্লেখ্য, জাতীয় পৰিষদে  ২০০৯ চনৰ পৰা প্ৰদান কৰি আহিছে এই বঁটা।

অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ কাৰ্যালয়ত এখন সংবাদমেলৰ আযোজন কৰে নলবাৰী জিলা সমিতিয়ে। নলবাৰী জিলা সমিতিৰ উপদেষ্টা নিৰোদ দাস, ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতা, নাট পৰিচালনা সমিতিৰ সভাপতি তথা জ্যেষ্ঠ সাংবাদিক এম মহিবৰ ৰহমান, কাৰ্যকৰী সভাপতি গৌতম কুমাৰ শৰ্মা, সাধাৰণ সম্পাদক কৌশিক বৰ্মনে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

অহা ৩ ছেপ্টেম্বৰ তাৰিখে নাট্য মন্দিৰ, নলবাৰীত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰবীণ অভিনেতা দীনেশ দাসক উক্ত বঁটা (Bhaben Baruah Award 2022) আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। উল্লেখ্য যে অসমৰ প্ৰতিজন নাট্যৰসিক, পেছাদাৰী, অপেছাদাৰী নাট্যক্ষেত্ৰৰ স'তে জড়িত শিল্পী, কলা-কুশলীৰ দৰ্শকৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা স্বনামধন্য শিল্পী ভবেন বৰুৱাৰ স্মৃতি যুগমীয়া কৰাৰ হেঁপাহেৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ২০০৯ বৰ্ষৰ পৰা নলবাৰীত ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহাৰ লগতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়োৱা একোগৰাকী নাট্য শিল্পীক ভবেন বৰুৱা বঁটা প্ৰদান কৰি আহিছে।

শিল্পীজনাৰ নাট্য প্ৰতিভাক চিৰস্মৰণীয় কৰি ৰখাৰ প্ৰয়াসেৰে যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে  ২০০৯ বৰ্ষত বিশিষ্ট নাট পৰিচালক,সুদক্ষ অভিনেতা দুলাল ৰয়, ২০১০ বৰ্ষত গুৰুজী আদ্য শৰ্মা, ২০১১ বৰ্ষত বিশিষ্ট অভিনেতা বিজু ফুকন, ২০১২ বৰ্ষত বিশিষ্ট অভিনেতা নীলু চক্ৰৱৰ্তী, ২০১৩ বৰ্ষত বিশিষ্ট অভিনেতা মহানন্দ শৰ্মা, ২০১৪ বৰ্ষত বিশিষ্ট অভিনেতা জীৱেশ্বৰ ডেকা, ২০১৫ বৰ্ষত ভ্ৰাম্যমাণৰ মহীৰূহ অচ্যুত লহকৰ, ২০১৬ বৰ্ষত মঞ্চসূৰ্য, সংগীত নাটক অকাডেমী বঁটা প্ৰাপ্ত ধৰণী বৰ্মন, ২০১৭ বৰ্ষত ভ্ৰাম্যমাণ নাট্য জগতৰ বিশিষ্ট নাট্যকাৰ,অভিনেতা,পৰিচালক,গীতিকাৰ হেমন্ত দত্ত, ২০১৮  বৰ্ষত বিশিষ্ট অভিনেত্ৰী বিদ্যা ৰাও, ২০১৯ বৰ্ষত বিশিষ্ট নাট্যকাৰ পৰিচালক দাৰা আহমেদ, ২০২০ বৰ্ষত বিশিষ্ট অভিনেতা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য, ২০২১ বৰ্ষত বিশিষ্ট অভিনেতা নিপন গোস্বামীক "ভবেন বৰুৱা বঁটা" প্ৰদান কৰা হৈছে।

উল্লেখ্য যে, এই বঁটাত থাকিব নগদ ১৫,০০০ টকা, ফুলাম গামোচা, চেলেং চাদৰ,ফুলাম জাপি,মানপত্ৰ,শৰাই আৰু স্মাৰক।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি