দল ত্যাগ কৰাই নহয় ফণীধৰ তালুকদাৰে বিধায়ক পদৰ পৰাও পদত্যাগ কৰিব। ইয়াৰ লগে লগে AIUDF দলৰ বিধায়কৰ সংখ্যা ১৫ জনলৈ হ্ৰাস পালে।
দল ত্যাগ কৰাই নহয় ফণীধৰ তালুকদাৰে বিধায়ক পদৰ পৰাও পদত্যাগ কৰিব। ইয়াৰ লগে লগে AIUDF দলৰ বিধায়কৰ সংখ্যা ১৫ জনলৈ হ্ৰাস পালে।
AIUDFৰ পৰা পদত্যাগ কৰিলে ফণীধৰ তালুকদাৰে। AIUDFৰ ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে দল ত্যাগ কৰিব বুলি দীৰ্ঘদিন ধৰি চৰ্চা চলি আছিল। আজি AIUDF দলৰ পৰা পদত্যাগ কৰিলে প্ৰথমবাৰ বিধানসভালৈ নিৰ্বাচিত হোৱা বিধায়কজনে।
দল ত্যাগ কৰাই নহয় ফণীধৰ তালুকদাৰে বিধায়ক পদৰ পৰাও পদত্যাগ কৰিব। ইয়াৰ লগে লগে AIUDF দলৰ বিধায়কৰ সংখ্যা ১৫ জনলৈ হ্ৰাস পালে। AIUDFৰ টিকটত প্ৰথমবাৰৰ বাবে এইবাৰ বিধানসভা নিৰ্বাচনত জয়ী হৈছিল ফণীধৰ তালুকদাৰ।
চলি থকা চৰ্চা মতে অতি শীঘ্ৰে বিজেপিত যোগ দিব ফণীধৰ তালুকদাৰে।
ইপিনে বিধায়ক পদ এৰাৰ লগে লগে ভৱানীপুৰ সমষ্টিতো উপনিৰ্বাচন নিশ্চিত হৈ পৰিল। মাজুলী, মৰিয়নি, থাওৰা, গোসাইগাঁও, তামুলপুৰৰ লগতে এতিয়া ভৱানীপুৰ সমষ্টিতো উপনিৰ্বাচন হ'ব।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|