মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ফণী তালুকদাৰৰ ইমান বেদনা : 'মন্দিৰলৈ যাব নোৱাৰো, পুলিচেও ফোন নধৰে, বিজেপিলৈ যাম বুলি কোৱাৰ পাছত ৰিচিভ কৰে ফোন' ! সকলো খোলাখুলিকৈ কৈ দিলে ফণী তালুকদাৰে...

ফণী তালুকদাৰৰ ইমান বেদনা : 'মন্দিৰলৈ যাব নোৱাৰো, পুলিচেও ফোন নধৰে, বিজেপিলৈ যাম বুলি কোৱাৰ পাছত ৰিচিভ কৰে ফোন' ! সকলো খোলাখুলিকৈ কৈ দিলে ফণী তালুকদাৰে...

News18 Assam | News18-Assam
Updated:September 1, 2021, 5:01 PM IST
ফণী তালুকদাৰৰ ইমান বেদনা : 'মন্দিৰলৈ যাব নোৱাৰো, পুলিচেও ফোন নধৰে, বিজেপিলৈ যাম বুলি কোৱাৰ পাছত ৰিচিভ কৰে ফোন' ! সকলো খোলাখুলিকৈ কৈ দিলে ফণী তালুকদাৰে...
বিজেপিত আনুষ্ঠানিকভাৱে যোগ দিলে ভৱানীপুৰৰ সদ্য প্ৰাক্তন AIUDFৰ বিধায়ক ফণী তালুকদাৰে ৷ বিজেপিত যোগদান কৰিয়েই বহু কথা ক'লে ফণী তালুকদাৰে।

বিজেপিত আনুষ্ঠানিকভাৱে যোগ দিলে ভৱানীপুৰৰ সদ্য প্ৰাক্তন AIUDFৰ বিধায়ক ফণী তালুকদাৰে ৷ বিজেপিত যোগদান কৰিয়েই বহু কথা ক'লে ফণী তালুকদাৰে।

  • Share this:
বিজেপিত আনুষ্ঠানিকভাৱে যোগ দিলে ভৱানীপুৰৰ সদ্য প্ৰাক্তন AIUDFৰ বিধায়ক ফণী তালুকদাৰে ৷ বিজেপিত যোগদান কৰিয়েই বহু কথা ক'লে ফণী তালুকদাৰে।

কি কৰিব ফণী তালুকদাৰে?

দুবাৰ নিৰ্বাচনত হাৰি বিজেপিৰ সদস্য হ'বলৈ বহু চেষ্টা কৰিছিলোঁ ৷ নহ'ল ৷ বিজেপিৰ মোক কেৱল সদস্য পদ দিয়ক, নিদিলে ৷ আজি সেই দিন আহিল ৷ বিজেপিৰ সদস্য হৈ বুঢ়া বয়সত নামঘৰে নামঘৰে যাব পাৰিম ৷ ৰাজনীতি কৰিছোঁ, ৰাজনীতি কৰা মানুহৰ গাত এটা ভাইৰাছ থাকে, নিৰ্বাচন আহিলে সেই ভাইৰাছ জাগ্ৰত হয় ৷ ভৱানীপুৰৰ বাবে দেৱালী:  আজিৰ দিনটো ভৱানীপুৰবাসীৰ বাবে আবতৰীয়া দেৱালী ৷ মাত্ৰ ৩ মাহৰ পাছতে দল বাদ দিয়াটো ৰেকৰ্ড ৷  মিডিয়াই মোক খেদি ফুৰিছিল ৷ বিজেপিক মই ভাল পাও, কিয় নাজানো ৷ আজি উন্নয়নৰ বাবে ভৱানীপুৰবাসীয়ে পালন কৰিব দিৱালী ৷

বদৰুদ্দিন আজমলে কি দিলে ফণী তালুকদাৰক?
কংগ্ৰেছ-বিজেপিয়ে টিকট নিদিলে, হুজুৰে দি দিলে ৷ কিন্তু বিৰোধীত থাকি দেখিলো বিৰোধী মহা শূন্য ৷ AIUDF ভাল দল, কিন্তু মন্দিৰত যাব নোৱাৰা হৈ থাকিলো পিছফালে লাগি যোৱা ষ্টাম্পটোৰ বাবে ৷  মই ইস্কন মন্দিৰলৈও যাব নোৱাৰা হৈ গ'লো ৷ হুজুৰে টিকট দিলেও সমষ্টিৰ সমস্যাৰ আগত বিধায়ক পদ সৰু হৈ গ'ল ৷ এতিয়া গাদ্দাৰ বুলি ক'ব, কিন্তু ফণী তালুকদাৰ ত্যাগৰহে প্ৰতীক ৷
বেদনা: এফালে মন্দিৰলৈ যাব নোৱাৰো, সমষ্টিৰ উন্নয়নো একো হোৱা নাই ৷ AIUDF বুলি ক'লে মন্ত্ৰী কি i/c এজনেও ফোন নধৰে, কাম নকৰে ৷ বিজেপিলৈ যাম বুলি কোৱাৰ পাছত এতিয়া ফোনটো ৰিচিভ কৰে ৷

কাৰোবাৰ প্ৰৰোচনাৰ বলি হৈছিল নেকি ফণী তালুকদাৰ ?

মই কাৰো প্ৰৰোচনা বা বেয়া পাই বিজেপিলৈ অহা নাই ৷ বিজেপিৰ প্ৰতি আকৰ্ষণ আছে বাবে আহিছো ৷ আমি জিকিম সেইটো খাটাং ৷ মই AIUDFৰ বিধায়ক হৈ থাকিলে পেঞ্চন পাম, কিন্তু মোৰ নামটো মচা যাব ৷মুখ্যমন্ত্ৰীয়ে জলসিঞ্চন অফিচটোকে উঠাই আনিব বিচাৰিছিল, মই ক'লো যে মই আপোনাৰ দলতেই আহি আছো, অফিচটো দি দিয়ক ৷ মুখ্যমন্ত্ৰীয়ে অফিচটো দি দিলে ৷ ভৱানীপুৰত বিজেপিয়ে মোক পূৰ্বতে এবাৰো নল'লে, ফণী তালুকদাৰৰ ভোট, বিজেপিৰ ভোট লগ হ'লে কেতিয়াও AIUDF জিকিব নোৱাৰিলেহেতেন ৷ আজিৰ পৰা মই একান্ত শিষ্য, শেষৰজন শিষ্য হৈ কাম কৰি যাম বিজেপিৰ বাবে ৷
Published by: Kokil Sarma
First published: September 1, 2021, 5:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি