ভৱানীপুৰ আৰু গোসাঁইগাঁও সমষ্টিত উপ নিৰ্বাচনত নিৰ্বাচন খেলিব AIUDF দলে। মহাজোঁট ভংগ হোৱাৰ বাবে বিজেপি লাভান্বিত হ'ব: আমিনুল ইছলাম।
ভৱানীপুৰ আৰু গোসাঁইগাঁও সমষ্টিত উপ নিৰ্বাচনত নিৰ্বাচন খেলিব AIUDF দলে। মহাজোঁট ভংগ হোৱাৰ বাবে বিজেপি লাভান্বিত হ'ব: আমিনুল ইছলাম।
ভৱানীপুৰ আৰু গোসাঁইগাঁও সমষ্টিত উপ নিৰ্বাচনত নিৰ্বাচন খেলিব এআইইউডিএফে।। ইতিমধ্যেই তৎপৰতা আৰম্ভ কৰিছে AIUDF দলে।সৰ্বশক্তি প্ৰয়োগ কৰি আমি জয়ী হ'বলৈ চেষ্টা কৰিব।
মহাজোঁট ভংগ হোৱাৰ বাবে বিজেপি লাভান্বিত হ'ব। দুই তিনিজন কংগ্ৰেছী প্ৰাক্তন মন্ত্ৰী তথা বিধায়কক জেল হাজোতৰ পৰা ৰক্ষা কৰিবলৈ মহাজোঁট ভংগ কৰা হৈছে। এতিয়াও কংগ্ৰেছৰ একাংশই বিজেপিৰ লগত যোগসূত্ৰ অটুত ৰাখে। ভয় ভাবুকি দি বিজেপিলৈ নিয়া হৈছে ।। ফণী তালুকদাৰ গাদ্দাৰ, বিশ্বাসঘাতক। তাৰ পৰিণাম দিব ভৱানীপুৰৰ ৰাইজে। ইফালে অখিল গগৈকো তীব্ৰ সমালোচনা আমিনুল ইছলামৰ । অখিল গগৈ মানসিক ৰোগী আৰু সেই কথা পৱিত্ৰ সদনত মুখ্যমন্ত্ৰীয়ে কৈছে। তেওঁৰ পক্ষত যি মাত মাতে তাকেই ওলোটাই সমালোচনা কৰে। মুখ্যমন্ত্ৰীৰ কথাটো সচাঁ, অখিলে সচাকৈ মানসিক ভাৰসাম্য হেৰুৱাইছে। এই মন্তব্য আমিনুল ইছলামৰ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|