உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • হাবিৰ মাজত দুগ্ধ প্ৰকল্প, মহন্তৰ দিনতে স্থাপিত ভৱানীপুৰৰ এই প্ৰকল্পলৈ চকু নপৰিল কোনো এখন চৰকাৰৰ

    হাবিৰ মাজত দুগ্ধ প্ৰকল্প, মহন্তৰ দিনতে স্থাপিত ভৱানীপুৰৰ এই প্ৰকল্পলৈ চকু নপৰিল কোনো এখন চৰকাৰৰ

    ১৯৯৬ চনত প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন ৰাজ্য  চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত ৯ বিঘা মাটিত স্থাপন কৰা হৈছিল।

    ১৯৯৬ চনত প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন ৰাজ্য  চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত ৯ বিঘা মাটিত স্থাপন কৰা হৈছিল।

    ১৯৯৬ চনত প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন ৰাজ্য  চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত ৯ বিঘা মাটিত স্থাপন কৰা হৈছিল।

    • Share this:

    বজালী জিলাৰ ভৱানীপুৰ সমষ্টিৰ নিবনুৱা সমস্যা সমাধানৰ বাবে প্ৰফুল্ল  কুমাৰ মহন্ত চৰকাৰৰ দিনতে কেইবাকোটি টকা ব্যয় সাপেক্ষে  বজালীৰ  গলিয়াত নিৰ্মাণ কৰিছিল  ভৱানীপুৰ দুগ্ধ প্ৰকল্প। এই প্ৰকল্প আজিও কাৰ্যক্ষম হৈ নুঠিল। বছৰ বছৰ পৰিত্যক্ত ৰূপত পৰি থকা এই প্ৰকল্পটো এতিয়া জহি খহি গৈ হাবি বননিৰ মাজত বিলীন হ'বলৈ লৈছে।


    অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহ সমষ্টি ভৱানীপুৰত  ১৯৯৬ চনত প্ৰফুল্ল কুমাৰ মহন্ত নেতৃত্বাধীন ৰাজ্য  চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত পশু পালন বিভাগৰ মন্ত্ৰীৰ দায়িত্বত থকা সুৰেন্দ্ৰ নাথ মেধিৰ তত্ত্বাৱধানত ৯ বিঘা মাটিত স্থাপন কৰা হৈছিল ভৱানীপুৰ দুগ্ধ উন্নয়ন প্ৰকল্প।


    ১৯৯৭ চনৰ ৩ ছেপ্টেম্বৰত আকস্মিকভাৱে ৰাজ্যৰ পশুপালন বিভাগৰ মন্ত্ৰীৰ দায়িত্বত থকা সুৰেন্দ্ৰ নাথ মেধি ঢুকোৱাৰ পিছতে আৰু আগ নাবাঢ়িল এই প্ৰকল্পটোৰ কোনো কাম। এতিয়া হাবি–জংঘলেৰে আৱৰি আছে প্ৰকল্পটো।সেই তেতিয়াৰ পৰা এতিয়ালৈকে কংগ্ৰেছ, বিজেপি কোনো এখন চৰকাৰৰ সু-দৃষ্টি নপৰিল প্ৰকল্পটোৰ ওপৰত।


    উন্নয়নৰ ঢাক–ঢোল বজোৱা বিজেপি চৰকাৰৰ তেতিয়াৰ ৰাজ্যিক সভাপতি এতিয়াৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও কেইবছৰ মান পূৰ্বে প্ৰকল্পটো পৰিদৰ্শন কৰি প্ৰতিশ্ৰুতিও দিছিল প্ৰকল্পতো  শীঘ্ৰে কাৰ্যক্ষম কৰাৰ। কিন্তু ৰণজিত দাসৰ সেই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল, আজিলৈকে  সম্পূৰ্ণ  হৈ নুঠিল প্ৰকল্পটো।


    ইপিনে এই প্ৰকল্পটো চোৱাচিতাৰ দায়িত্বত দুজনকৈ চৰকাৰী কৰ্মচাৰী নিয়োজিত হৈ আছে আৰু মাহেকৰ চৰকাৰী মাহিলি বেতন ঠিকে লৈ আছে । আনহাতে বছৰৰ পিছত বছৰ ধৰি পৰিত্যক্ত অৱস্থাত থকা প্ৰকল্পটোৰ দেৱালসমূহত গছ, বন, লতা আদিৰ শিপাই আৱৰি খহাই পেলাইছে দেৱাল।অকল দেৱালেই নহয় গৃহটোৰ দৰ্জা–খিৰিকীবোৰো ভাগি–ছিগি এতিয়া নিঃশেষ হোৱাৰ পথত।


    বহু লাখ লাখ টকাৰ সা–সৰঞ্জাম,দুগ্ধ শুধিকৰণত ব্যৱহাৰ হোৱা মেচিনসমূহ ব্যৱহাৰৰ অভাৱত মামৰে ধৰিছে। উল্লেখ্য যে দুগ্ধ প্ৰকল্পটো নবীকৰণৰ বাবে বহু সময়ত বহুবাৰ চৰকাৰক আবেদন-নিবেদন জনাইছে ৰাইজৰ লগতে দল–সংগঠনে, কিন্তু কোনো এখন চৰকাৰৰে সদিচ্ছা নহ'ল প্ৰকল্পটোৰ কাম হাতত লোৱাৰ বাবে।


    সেয়ে এতিয়া সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্য চৰকাৰক আহ্বান জনাইছে যে ভৱানীপুৰ সমষ্টিৰ এই দুগ্ধ প্ৰকল্পটো অতি সোনকালে নবীকৰণ কৰি গো–পালক সকলক লাভৱান কৰাৰ উপৰি নিবনুৱাসকলক যেন সংস্হাপনৰ ব্যৱস্থা কৰে। ৰাজ্যৰ পশু পালন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী অতুল বৰাৰ এই প্ৰকল্পত চকু পৰিবনে নে এনেদৰে পৰিত্যক্ত অৱস্থাতে থাকিব শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ গৃহ সমষ্টি ভৱানীপুৰৰ গলিয়াত থকা এই দুগ্ধ প্ৰকল্পটো?

    Published by:Gautam Barman
    First published: