ৰাজ্যত ২৭ মাৰ্চত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলেই যুদ্ধকালীন তৎপৰতাৰে নিৰ্বাচনী যুঁজত নামিছে৷ সমষ্টিয়ে সমষ্টিয়ে নিৰ্বাচনী বতাহ গৰম হৈ পৰিছে৷ ঢেকিয়াজুলি সমষ্টিতো শাসক–বিৰোধী প্ৰতিটো দলে ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ মাজতে এক চাঞ্চল্যকৰ আৰু ৰহস্যজনক ঘটনা সংঘটিত হৈছে৷
নিৰ্বাচনী যুঁজত ঢেকিয়াজুলি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা এজন প্ৰাৰ্থীৰ ১৯ বছৰীয়া পুত্ৰ যোৱা ৫ দিন ধৰি ৰহস্যজনকভাৱে সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ নৱগঠিত হিন্দু বাঙালী সংগঠনৰ ৰাজনৈতিক দল ভাৰতীয় গণ পৰিষদ(বিজিপি)ৰ ঢেকিয়াজুলিৰ প্ৰাৰ্থী তথা ভোটপাৰাৰ নিবাসী সঞ্জয় দে’ৰ ১৯ বছৰীয়া পুত্ৰ পথিক দে’ বিগত পাঁচদিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে৷
দিনৰ ভাগতে ঘৰৰ পৰা ওলাই অহাৰ পিছৰে পৰা পথিক দে’ৰ নাই শুংসূত্ৰ৷ ভাৰতীয় গণ পৰিষদ দলৰ প্ৰাৰ্থী সঞ্জয় দে’ই এতিয়া নিৰ্বাচনী প্ৰচাৰ সভা এৰি নিজৰ পুত্ৰক বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছে৷ পথিক দে’ৰ মবাইল ফোন বৰ্তমানলৈকে বন্ধ হৈ থকাটোৱে গভীৰ ৰহস্যৰ সৃষ্টি হৈছে৷ ইপিনে, পুত্ৰ সন্ধানহীন হৈ থকা বিষয়টোত ৰাজনীতিৰ গোন্ধ পাইছে সঞ্জয় দে’ই৷ তেওঁৰ অভিযোগ, মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতেই একাংশই তেওঁক মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব লাগে বুলি হেঁচা প্ৰয়োগ কৰিছিল৷ কিন্তু তেওঁ নিজৰ স্থিতিত অটল থাকি মনোনয়ন পত্ৰ প্ৰত্যাহাৰ নকৰিলে৷ ইয়াৰ পিছতেই তেওঁৰ পুত্ৰ সন্ধানহীন হৈ হয়৷
ঘটনাৰ আঁৰত গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ ভাৰতীয় গণ পৰিষদ দলৰ প্ৰাৰ্থী সঞ্জয় দে’ৰ৷ পুত্ৰৰ নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতো সুফল লাভ কৰা নাই এই মুহূৰ্তলৈকে৷ ইফালে, বিষয়টো সন্দৰ্ভত শোণিতপুৰ জিলা আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্তকো অৱগত কৰি বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় সঞ্জয় দে’ই৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|