உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Sivasagar : বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ভ্ৰমণ ৰাষ্ট্ৰপতি ভৱনৰ সচিবালয়ৰ উপ-সঞ্চালক পংকজ প্ৰতিম বৰদলৈৰ

    Sivasagar : বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ভ্ৰমণ ৰাষ্ট্ৰপতি ভৱনৰ সচিবালয়ৰ উপ-সঞ্চালক পংকজ প্ৰতিম বৰদলৈৰ

     ইউ পি এছ চি পৰীক্ষাত বিহাৰৰ বহু ছাত্ৰ-ছাত্ৰী কিয় উত্তীৰ্ণ হয়, তাৰ মৌলিক কাৰণো ব্যাখ্যা কৰে

    ইউ পি এছ চি পৰীক্ষাত বিহাৰৰ বহু ছাত্ৰ-ছাত্ৰী কিয় উত্তীৰ্ণ হয়, তাৰ মৌলিক কাৰণো ব্যাখ্যা কৰে

    ইউ পি এছ চি পৰীক্ষাত বিহাৰৰ বহু ছাত্ৰ-ছাত্ৰী কিয় উত্তীৰ্ণ হয়, তাৰ মৌলিক কাৰণো ব্যাখ্যা কৰে

    • Share this:
    "মাতৃভাষা মাধ্যম অথবা অসমীয়া ভাষা  শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত কেতিয়াও অন্তৰায় নহয়। ৰাষ্ট্ৰসংঘৰ মতেও  শিশুক পৰাপক্ষত মাতৃভাষাতে শিক্ষা দিব লাগে। কাৰোবাৰ কাৰণে মাতৃভাষা বড়ো ভাষা হ'ব পাৰে, কাৰোবাৰ বাবে মিচিং ভাষা হ'ব পাৰে। বহু অভিভাৱকে  শিশুক ইংৰাজী মাধ্যমৰ বিদ্যালয়ত  দিলেহে আগলৈ আগুৱাই যাব পাৰিব বুলি এটা ভুল ধাৰণা পোষণ কৰা দেখা যায়।" -আজি বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলৰে হোৱা মত বিনিময় অনুষ্ঠানত এই ভাষ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি ভৱনৰ সচিবালয়ৰ  উপ-সঞ্চালক হিচাপে কৰ্মৰত পংকজ প্ৰতিম বৰদলৈয়ে।

    বৰ্তমান  ৰাষ্ট্ৰপতি ভৱনত কৰ্মৰত একমাত্ৰ অসমীয়া পংকজ প্ৰতিম বৰদলৈয়ে লগতে ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীয়েহে ভালকৈ ইংৰাজী ক'ব বা লিখিব পাৰে, অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়িলে নোৱাৰে বুলি কিছুমানে যি ধাৰণা লৈ আহিছে সেয়া ভুল বুলি উল্লেখ কৰে।

    বিশ্বায়নৰ প্ৰভাৱ আৰু কিছুমান ব্যৱসায়িক নীতি গ্ৰহণ কৰি এচামে ব্যক্তিগত বিদ্যালয়সমূহক অধিক প্ৰাধান্য দিবলৈ যত্ন কৰি অহা বুলিও মন্তব্য কৰে বৰদলৈয়ে। ইয়াৰ উপৰি ছাত্ৰ-ছাত্ৰীসকলক সৰুৰে পৰা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে গঢ় দিবলৈ আহ্বান জনায় বৰদলৈয়ে।

    সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ হ'লে ছাত্ৰ-ছাত্ৰীসকলে প্ৰচুৰ অধ্যয়ন কৰাটো জৰুৰী বুলি ব্যক্ত কৰে। তেওঁ কয় যে অৰ্থনৈতিক দিশত, আনুষ্ঠানিক শিক্ষাৰ ক্ষেত্ৰত বিহাৰ অসমতকৈ বহুগুণে পিছপৰা। অথচ ইউ পি এছ চি পৰীক্ষাত বিহাৰৰ বহু ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয়। কাৰণ তাত ছাত্ৰ-ছাত্ৰীসকলক নিৰ্দিষ্ট পৰীক্ষাৰ বাবে সৰুৰে পৰা গঢ় দিয়া হয়।  শিক্ষাৰ্থীসকলে অবাবদ সময় খৰচ নকৰি নিদিষ্ট পৰীক্ষাক লৈ ইজনে সিজনৰ লগত আলোচনা কৰে, অধ্যয়ন কৰে।

    শিক্ষয়িত্ৰী লিপি ফুকনে আঁত ধৰা অনুষ্ঠটোৰ আৰম্ভণিতে বিদ্যালয়খনৰ তৰফৰ পৰা পংকজ প্ৰতিম বৰদলৈক সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত মাধৱ গগৈয়ে পংকজ প্ৰতিম বৰদলৈ ৰাষ্ট্ৰপতি ভৱনৰ উচ্চ পদবীত সফলতাৰে কাৰ্যনিৰ্বাহ কৰি থকাটো অসমীয়াৰ বাবে অতি গৌৰৱৰ বিষয় বুলি মন্তব্য কৰে। অনুষ্ঠানটোত অধ্যাপক প্ৰফুল্ল মোহন, সমাজকৰ্মী ৰঞ্জন কোঁৱৰকে ধৰি ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থাকে।
    Published by:Gautam Barman
    First published: