உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বঙালীৰ বিৰুদ্ধে কটু মন্তব্য নকৰিবলৈ শৃংখল চলিহাক সকীয়নি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ

    বঙালীৰ বিৰুদ্ধে কটু মন্তব্য নকৰিবলৈ শৃংখল চলিহাক সকীয়নি বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ

    প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়– আমি কোনো কলিকতীয়া অথবা ঢাকাৰ পৰা অহা বঙালী নহয়, অসমত উপজি ইয়াতেই ডাঙৰ–দীঘল হোৱা আমি থলুৱা অসমীয়া।

    প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়– আমি কোনো কলিকতীয়া অথবা ঢাকাৰ পৰা অহা বঙালী নহয়, অসমত উপজি ইয়াতেই ডাঙৰ–দীঘল হোৱা আমি থলুৱা অসমীয়া।

    প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়– আমি কোনো কলিকতীয়া অথবা ঢাকাৰ পৰা অহা বঙালী নহয়, অসমত উপজি ইয়াতেই ডাঙৰ–দীঘল হোৱা আমি থলুৱা অসমীয়া।

    • Share this:

    বঙালী সম্প্ৰদায়ক লক্ষ্য কৰি একাংশ সংগঠনৰ নেতৃবৃন্দই বিগত সময়ছোৱাত কেতবোৰ বিতৰ্কিত মন্তব্য প্ৰদান কৰা ঘটনাক  লৈ আজি উত্তাল হৈ পৰে বিটিআৰৰ সদৰ কোকৰাঝাৰ জিলাৰ তুলসীবিল৷  সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কোকৰাঝাৰ জিলা কমিটিয়ে তুলসীবিল বজাৰত আজি এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি পৰিস্থিতি উত্তাল কৰি তোলে।


    সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ বিটিআৰ ক্ষেত্ৰীয় কমিটিৰ সভাপতি গোপাল ঘোষ, কোকৰাঝাৰ জিলা কমিটিৰ সভাপতি ইন্দ্ৰজিত দেৱনাথ আৰু সম্পাদক দীপক দাসৰ নেতৃত্বত উক্ত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ উক্ত কাৰ্যসূচীৰ মাজতে বঙালী সম্পৰ্কে কৰা মন্তব্যৰ ওপৰত ছাত্ৰ নেতাদ্বয়ে তীব্ৰ ক্ষোভ উজাৰি সাংবাদিকৰ আগত কয় যে সদৌ অসম বাঙালী যুৱ ছাত্র সংগঠন কোনো পাবত গজা সংগঠন নহয়। বৰঞ্চ শ শ শ্বহীদৰ তেজৰ বিনিময়ত গঢ়ি উঠা সংগঠন বুলি দাবী কৰে।


    তেওঁ লগতে  বীৰ লাচিত সেনাৰ চলিহা উপাধিধাৰী নেতাগৰাকীয়ে অসমত পাল, দে' উপাধিৰ দাদাগিৰি নচলিব বুলি কৰা বক্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়– আমি কোনো কলিকতীয়া অথবা ঢাকাৰ পৰা অহা বঙালী নহয় ৷ অসমত উপজি অসমৰ বায়ু,পানী সেৱন কৰি ইয়াতেই ডাঙৰ–দীঘল হোৱা আমি থলুৱা অসমীয়া। আমাৰ গাতো অসমী আইৰ তেজেই আছে বুলি দাবী কৰি আমিও জয় আই অসম বুলি চিঞৰিব পাৰোঁ বুলি স্পষ্ট কৰি দিয়ে ৷


    কিন্তু কোনো এগৰাকী বঙালীয়ে কৰা ভুলৰ বাবে সমগ্ৰ অসমৰ বঙালীসকল জগৰীয়া নহয় বুলি উল্লেখ কৰি  অনাহকতে বঙালী সম্পৰ্কে কটু মন্তব্য নকৰিবলৈ স্পষ্ট কৰি দিয়ে । লগতে যদিহে এই কাৰ্য ইয়াৰ পিছতো অব্যাহত থাকে, তেন্তে অসমৰ বঙালীসকলে হাত সাৱটি বহি নাথাকে বুলি সকীয়াই দিয়ে। উল্লেখ্য যে প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণকাৰী এএবিৱাইএছএফৰ নেতা-কৰ্মীসকলে বঙালীবিৰোধী হুছিয়াৰ, বঙালী বিৰোধী গ' বেক আদি নানা ধৰণৰ শ্লোগান দি আকাশ-বতাহ কঁপাই তোলে৷

    Published by:Gautam Barman
    First published: