‘NRC হ’ল হিন্দু বাঙালীৰ মৃত্যুৰ দলিল, বিদেশী ন্যায়াধীকৰণলৈ নাযায় এজনো বাঙালী লোক’

News18-Assam
Updated:September 12, 2019, 11:10 AM IST
‘NRC হ’ল হিন্দু বাঙালীৰ মৃত্যুৰ দলিল, বিদেশী ন্যায়াধীকৰণলৈ নাযায় এজনো বাঙালী লোক’
Source-Google

১২লাখ বাঙালী হিন্দুৰ নাম বাদ পৰিছে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰাঃ প্ৰদীপ ৰঞ্জন কৰ

  • News18 Assam
  • Last Updated: September 12, 2019, 11:10 AM IST
  • Share this:
অসমীয়া খিলঞ্জীয়াৰ ৰক্ষা কৱচ বুলি অভিহিত কৰা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ পোৱাৰ পিছৰে পৰা এতিয়া ৰাজ্যত তীব্ৰতৰ হৈছে NRCকেন্দ্ৰীক বিতৰ্ক! ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ পৰিছে বৃহৎ সংখ্যক বাঙালী হিন্দুৰ নাম। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক এতিয়া বাঙালী হিন্দুৰ মৃত্যুৰ দলিল আখ্যা দিছে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ অধ্যক্ষ প্ৰদীপ ৰঞ্জন কৰে।

প্ৰদীপ ৰঞ্জন কৰৰ মন্তব্য অনুসৰি ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ পৰিছে ১২লাখ বঙালী হিন্দুৰ নাম। এই বৃহৎ সংখ্যক লোকৰ নাম পৰিকল্পিতভাৱে NRCৰ পৰা কৰ্তন কৰা হৈছে বুলি মন্তব্য কৰিছে বাঙালী সংগঠনটোৰ অধ্যক্ষ জনে।

বঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ অধ্যক্ষ প্ৰদীপ ৰঞ্জন কৰে কয় যে, ‘ NRC বিচাৰিছো, কিন্তু ভুল দলিল বিচৰা নাই, বিদেশী ন্যায়াধীকৰণলৈ নাযায় এজনো বঙালী লোক’।’ NRCক অবৈধ ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনাই কৰে।
আৰু চাওক
পৰৱৰ্তী বাতৰি