চলো পাল্টাই : অসমৰ বায়ু–পানীৰে সম্পৰ্ক নথকা তথাকথিত বাঙালী নেতাক সকীয়নি অসমৰ বাঙালী সংগঠনৰ

অসমৰ শান্তনু মুখাৰ্জী, কলকাতা আৰু দিল্লীত থকা একাংশ তথাকথিত নেতা, যাৰ অসমৰ বায়ু–পানীৰ লগত কোনো সম্পৰ্ক নাই, তেনে লোকে অসমীয়া-বাঙালীৰ সাতামপুৰুষীয়া সম্প্ৰীতি ধ্বংস কৰিবলৈ ওলাইছে বুলি মন্তব্য সংগঠনকেইটাৰ নেতৃত্বৰ।

news18assam
Updated:June 3, 2019, 5:53 PM IST
চলো পাল্টাই : অসমৰ বায়ু–পানীৰে সম্পৰ্ক নথকা তথাকথিত বাঙালী নেতাক সকীয়নি অসমৰ বাঙালী সংগঠনৰ
অসমৰ শান্তনু মুখাৰ্জী, কলকাতা আৰু দিল্লীত থকা একাংশ তথাকথিত নেতা, যাৰ অসমৰ বায়ু–পানীৰ লগত কোনো সম্পৰ্ক নাই, তেনে লোকে অসমীয়া-বাঙালীৰ সাতামপুৰুষীয়া সম্প্ৰীতি ধ্বংস কৰিবলৈ ওলাইছে বুলি মন্তব্য সংগঠনকেইটাৰ নেতৃত্বৰ।
news18assam
Updated: June 3, 2019, 5:53 PM IST
নতুন দিল্লীত সদৌ অসম বঙালী যুৱ-ছাত্ৰ ফেডাৰেচন, বৃহত্তৰ অসম বাঙালী উন্নয়ন সমিতি, স্বামী বিবেকানন্দ যুৱ সমিতি, শ্বহীদ কনকলতা মহিলা উন্নয়ন সমিতি আৰু আৰ চি চি অফ বেংগলী টাইগাৰ ফ’ৰ্চৰ যৌথ সংবাদমেল। ‘চলো পাল্টাই’ আৰু NRCৰ নামত অসমৰ হিন্দু বাঙালীক হাৰাশাস্তি সন্দৰ্ভত আয়োজন কৰে এই সংবাদমেলৰ। অসমত পৰ্যাপ্ত নথি–পত্ৰ থকাৰ পিছতো বঙালী হিন্দুসকল NRCৰ নামত হাৰাশাস্তিৰ সন্মুখীন হৈছে বুলি অভিযোগ তোলে সংগঠনকেইটাই। ওজৰ-আপত্তিৰ নামতো হাৰাশাস্তি কৰাৰ অভিযোগ।

অসমৰ শান্তনু মুখাৰ্জী, কলকাতা আৰু দিল্লীত থকা একাংশ তথাকথিত নেতা, যাৰ অসমৰ বায়ু–পানীৰ লগত কোনো সম্পৰ্ক নাই, তেনে লোকে অসমীয়া-বাঙালীৰ সাতামপুৰুষীয়া সম্প্ৰীতি ধ্বংস কৰিবলৈ ওলাইছে বুলি মন্তব্য সংগঠনকেইটাৰ নেতৃত্বৰ। এনেধৰণৰ কাম নকৰিবলৈ সকীয়নিও প্ৰদান কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনে।

‘আমি NRCক সমৰ্থন কৰিছো আৰু আশা কৰো উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত আমি ন্যায় পাম। কিন্তু ৭১ চনৰ আগত অহা লোকসকলক ওজৰ–আপত্তিৰ নামত হাৰাশাস্তি কৰা হৈছে’ – এই অভিযোগ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি কমল চৌধুৰীৰ।

‘চলো পল্টাই’ৰ ষড়যন্ত্ৰকাৰী অসমৰ শান্তনু মুখাৰ্জী, দিল্লী আৰু কলকাতাৰ ক্ৰমে গাৰ্গ মুখাৰ্জী আৰু চন্দন চেতাৰ্জীক সকীয়নি প্ৰদান কৰি বৃহত্তৰ বঙালী উন্নয়ন সমিতিৰ নেতা সুৰেশ সৰকাৰে কয় যে বঙালী আৰু অসমীয়া জাতিৰ মাজত বিভাজন আনিবলৈ চেষ্টা নকৰিব৷ আমি অসমক দ্বিতীয় ত্ৰিপুৰা, পশ্চিম বংগ আৰু বাংলাদেশ হ’বলৈ নিদিওঁ৷ অসমৰ বুদ্ধিজীৱী সমাজ, সাংবাদিক সমাজক ১৯৭১ চনৰ আগত অহা হিন্দু বঙালীসকলৰ পক্ষত থিয় হোৱাৰো আহ্বান জনায় সংগঠনকেইটাৰ নেতৃত্বই।
আৰু চাওক পৰৱৰ্তী বাতৰি