দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ হিতাধিকাৰীৰ নাম কৰ্তন কৰি ধনৰ বিনিময়ত একাংশ ধনী শ্ৰেণীৰ লোকৰ নাম সন্নিৱিষ্ট কৰি চৰকাৰী সুলভ মূল্যৰ চাউল সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে বৰপেটাৰ দক্ষিণ ঘিলাজাৰী সমবায় সমিতিৰ অধীনস্থ কুমল্লীপাৰা গাঁৱত ৷ ঘটনা সন্দৰ্ভত ভুক্তভোগী হিতাধিকাৰীসকলে এই ঘটনাৰ উচিত তদন্ত বিচাৰি বৰপেটা জিলা উপায়ুক্তক এক স্মাৰক পত্ৰ প্ৰদান কৰিছে ৷ দক্ষিণ ঘিলাজাৰী সমবায় সমিতিৰ অধীনস্থ কুমল্লীপাৰা গাঁৱৰ ছানিয়াৰা খাতুন নামৰ এগৰাকী সুলভ মূল্যৰ দোকানীৰ তাত অঞ্চলটোৰ বহু সংখ্যক দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বসবাস কৰা লোকে চাউলকে ধৰি অন্যান্য বয়–বস্তু পাই আহিছিল ৷
কিন্তু সেই গাঁৱৰে আজাহাৰ আলী ভূঞা নামৰ আন এজন সুলভ মূল্যৰ এজেণ্টে দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ লোকসকলৰ পৰিয়াল পৰিচয় পত্ৰসমূহ নাকচ হোৱা বুলি কৈ সেইসকল দুৰ্ভগীয়া লোকৰ পৰিচয় পত্ৰৰ সলনি অন্য একাংশ ধনী শ্ৰেণীৰ নামত সকলো হিতাধিকাৰী সজাই প্ৰকৃত লোকসকলৰ পত্ৰসমূহ কৰ্তন কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
কোভিড মহামাৰীৰ বাবে কাম–বন কৰিব নোৱাৰি আৰ্থিকভাৱে জুৰুলা হৈ পৰা লোকসকলে এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি ফুৰিবলগীয়া হৈছে ৷ প্ৰকৃত হিতাধিকাৰীৰ নাম কিয় কটা গ'ল সেই সম্পৰ্কে বিভাগীয়ভাৱে কোনোধৰণৰ সঁহাৰি নিদিয়াত অঞ্চলটোৰ একাংশ লোক জাঙুৰ খাই উঠিছে ৷ উক্ত ঘটনাৰ এক উচ্চস্তৰৰ তদন্ত দাবী কৰি বৰপেটা জিলা উপায়ুক্তক নিৰপেক্ষ তদন্ত দাবী কৰিছে অঞ্চলটোৰ ৰাইজে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|