মদ, ড্ৰাগছ, গাঞ্জাকে ধৰি নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীয়ে চলাই থকা অভিযান আজিও অব্যাহত আছে । ড্ৰাগছৰ বিৰুদ্ধে বেলশৰ আৰক্ষী থানাই চলাইছে ব্যাপক অভিযান ।
বেলশৰ আৰক্ষী থানাৰ অন্তৰ্গত চামতাৰ শিলিখাপাৰাৰ সমীপতে ড্ৰাগছসহ দুজন সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰে । ইতিমধ্যে বেলশৰ আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী চামতাৰ বিকাশ বৰ্মন আৰু খাৰজাৰাৰ চাহিদুল আলীক আটক কৰি জেৰা অব্যাহত ৰাখিছে ।
বেলশৰ আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্য অনুসৰি ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাত চামতাৰ শিলিখাপাৰাত ড্ৰাগছসহ সৰবৰাহকাৰী দুজনক হাতে-লোটে আটক কৰে বেলশৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া লিতুমণি শৰ্মাই ৷
Published by: Subham Goswami
FIRST PUBLISHED : March 26, 2023, 19:27 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।