জনিয়া সমষ্টিৰ শওপুৰ, সুঁতিৰ পথাৰ আৰু আমগুৰি গাঁৱত বেঁকী নৈৰ খহনীয়াই ৰুদ্ৰমূৰ্তি ধাৰণ কৰাত ৰাইজৰ মাজত তীব্ৰ হাহাকাৰৰ সৃষ্টি হৈছে। যোৱা দুটা সপ্তাহত অঞ্চলটোৰ শ শ পৰিয়ালৰ ভেটিমাটি, ৰাস্তাঘাট, শিক্ষানুষ্ঠান, খেতিপথাৰ আদি নৈৰ বুকুত জাহ গৈছে। জানিব পৰা মতে, নৈখনৰ পাৰে পাৰে থকা মথাউৰি, আন বহু পৰিয়াল, বেঁকী দলং আৰু বিকল্প ৰাজ্যিক ঘাইপথৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে।
ইতিমধ্যে জিলা প্ৰশাসন, স্থানীয় বিধায়ক আৰু বৰপেটাৰ সাংসদগৰাকীক খহনীয়া প্ৰতিৰোধ সন্দৰ্ভত অৱগত কৰা হৈছে যদিও ইয়াৰ কোনো ইতিবাচক সঁহাৰি নোপোৱাত ৰাইজ চিন্তিত হৈ পৰিছে। খহনীয়াৰ ভয়ত নৈৰ পাৰে পাৰে থকা পৰিয়ালে নিজৰ ঘৰ–দুৱাৰ ভাঙি নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ বাবে গতি কৰিছে।
এইক্ষেত্ৰত খহনীয়া প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰীৰ দৃষ্টিগোচৰ কামনা কৰিছে খহনীয়াগ্ৰস্ত পৰিয়ালৰ লোকসকলে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|