ভাৰতীয় ষ্টেট বেংকত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। গড়কাপ্তানী বিভাগৰ চৰকাৰী একাউণ্টৰ পৰা দুষ্ট চক্ৰই লাখ লাখ টকা উলিয়াই নিয়াৰ সন্দেহ কৰা হৈছে।
ভাৰতীয় ষ্টেট বেংকত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। গড়কাপ্তানী বিভাগৰ চৰকাৰী একাউণ্টৰ পৰা দুষ্ট চক্ৰই লাখ লাখ টকা উলিয়াই নিয়াৰ সন্দেহ কৰা হৈছে। গড়কাপ্তানী বিভাগৰ ঠিকাদাৰক কামৰ বিপৰীতে প্ৰদান কৰা চেক বেংকত জমা দিয়াৰ পূৰ্বেই SBIৰ ধেমাজি শাখাত উক্ত চেকসমূহৰ বিপৰীতে ধন উলিয়াই নিয়াৰ তথ্য পোহৰলৈ আহিছে।
চেক জমা দিয়াৰ পূৰ্বেই ওলাই গল ধন :
যোৰহাটৰ গড়কাপ্তানী বিভাগৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ পৰা ত্ৰিণয়নজ্যোতি দলে নামৰ এগৰাকী ঠিকাদাৰক ‘Assam Roads Maintenance Fund’ৰ 36204098941 নম্বৰৰ বেংক একাউন্টৰ বিপৰীতে প্ৰদান কৰা হৈছিল এখন চেক। যোৱা ১৯ ছেপ্তেম্বৰত গড়কাপ্তানী বিভাগৰ পৰা ঠিকাদাৰগৰাকীক প্ৰদান কৰা হৈছিল ৩,০৫,৮৪২ টকাৰ চেকখন। কিন্তু আশ্চৰ্যজনক ভাবে মাজুলীৰ SBI গড়মুৰ শাখাত পৰিশোধ হ’ব লগা 953276 নম্বৰৰ চেকখনৰ বিপৰীতে কোনো লোকে ইয়াৰ পূৰ্বেই ধন উলিয়াই নিয়াৰ তথ্য পোহৰলৈ আহে।
এই ঘটনাই গড়কাপ্তানী বিভাগৰ বিষয়াসকলক আচৰিত কৰি তোলাৰ সময়তে পুনৰ আন দুখন চেকত সংঘটিত হয় অনুৰূপ ঘটনা। গড়কাপ্তানী বিভাগৰ ARMF পুঁজিৰ বিপৰীতে প্ৰদান কৰা এই দুয়োখন চেকৰ বিপৰীতেও বেংকৰ পৰা কোনো লোকে পূৰ্বেই ধন উলিয়াই নিয়াৰ তথ্য পোহৰলৈ আহে। ইয়াৰে এখন চেক পূৰ্বৰ চেকখন বাতিল কৰি ত্ৰিণয়নজ্যোতি দলেক পুনৰ প্ৰদান কৰা হৈছিল। আনখন চেক প্ৰদান কৰা হৈছিল মেচাৰ্ছ বাসুদেৱ এণ্টাৰপ্ৰাইজৰ নামত। এই দুখন চেক প্ৰদান কৰা হৈছিল ২৫ ছেপ্তেম্বৰত আৰু দুয়োখন চেকেই পৰিশোধৰ বাবে জমা দিয়া হৈছিল মাজুলীৰ গড়মূৰ শাখাত।
ইয়াৰ পিছতে যোৰহাটৰ গড়কাপ্তানী বিভাগৰ বিষয়াসকলে চেক প্ৰদান কৰা বন্ধ কৰি দিয়ে আৰু বিষয়টো অনুসন্ধান কৰাত জানিব পাৰে যে, ষ্টেট বেংক অব ইণ্ডিয়াৰ ধেমাজি শাখাত উক্ত চেককেইখনৰ নম্বৰৰ বিপৰীতে কোনো লোকে পূৰ্বেই ধন উলিয়াই নিছে। উল্লেখ্য যে, SBI ধেমাজি শাখাৰ পৰা গড়কাপ্তানী বিভাগৰ এনে এখন চেক নম্বৰৰ বিপৰীতে ১০ লাখকৈ টকা উলিয়াই নিয়াৰ তথ্য পোহৰলৈ আহিছে। কিন্তু ঘটনা পোহৰলৈ অহাৰ প্ৰায় ২০ দিন অতিক্ৰম কৰাৰ পিছতো SBI কৰ্তৃপক্ষই গড়কাপ্তানী বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষক এই সন্দৰ্ভত স্পষ্ট উত্তৰ দিব পৰা নাই।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|