মুখ্যপৃষ্ঠা » খবৰ

» অসম

»'ফণী তালুকদাৰে AIUDF ত্যাগ কৰাত মোৰ বহুদিনীয়া বেদনা আঁতৰিলে'- ভৱানীপুৰৰ পৰা বিজেপিৰ টিকটত ফণী তালুকদাৰ জয়ী হ'ব বুলি আগতীয়া ঘোষণা মুখ্যমন্ত্ৰীৰ

'ফণী তালুকদাৰে AIUDF ত্যাগ কৰাত মোৰ বহুদিনীয়া বেদনা আঁতৰিলে'- ভৱানীপুৰৰ পৰা বিজেপিৰ টিকটত ফণী তালুকদাৰ জয়ী হ'ব বুলি আগতীয়া ঘোষণা মুখ্যমন্ত্ৰীৰ

News18 Assam | News18-Assam
Updated:September 1, 2021, 1:12 PM IST
'ফণী তালুকদাৰে AIUDF ত্যাগ কৰাত মোৰ বহুদিনীয়া বেদনা আঁতৰিলে'- ভৱানীপুৰৰ পৰা বিজেপিৰ টিকটত ফণী তালুকদাৰ জয়ী হ'ব বুলি আগতীয়া ঘোষণা মুখ্যমন্ত্ৰীৰ
সমষ্টিৰ উন্নয়নৰ স্বাৰ্থ আৰু বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিমুখী ফণী তালুকদাৰ

সমষ্টিৰ উন্নয়নৰ স্বাৰ্থ আৰু বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিমুখী ফণী তালুকদাৰ

  • Share this:
সকলো জল্পনা কল্পনাৰ অৱসান ঘটাই মঙলবাৰে অল ইণ্ডিয়া ডেমোক্ৰেটিক ফ্ৰণ্ট চমুকৈ AIUDFৰ পৰা পদত্যাগ কৰিছিল ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে ৷ ত্যাগ কৰিছিল AIUDF বিধায়িনী দলৰ সচিবৰ পদটোও ৷ সংবাদ মাধ্যমত মুখ নুখুলিলেও ফণী তালুকদাৰে যে AIUDF এৰি বিজেপিত যোগদান কৰিব সেই কথা ৰাজনীতিৰ ভূ ৰখা সকলোৱে জানিছিল।

১ ছেপ্টেম্বৰ বুধবাৰ অৰ্থাৎ আজি বিজেপিত যোগদানৰ পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক পুৱাই মুখ্যমন্ত্ৰীৰ চৰকাৰী আৱাসত সাক্ষাৎ কৰিলে ফণী তালুকদাৰে ৷ ফণী তালুকদাৰক কাষত বহুৱাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ক'লে, "এটা বেদনা আঁতৰি গ'ল ৷ ফণী তালুকদাৰৰ AIUDF ত্যাগে আঁতৰালে এটা বহুদিনীয়া বেদনা ৷ অসম আন্দোলনৰ প্ৰথম গৰাকী  শ্বহীদ খগেশ্বৰ তালুকদাৰৰ ভৱানীপুৰৰ পৰা AIUDF জিকি থকাতো দুখৰ কথা আছিল ৷ ফণী তালুকদাৰ এইবাৰ বিজেপিৰ টিকটৰে নিৰ্বাচন খেলি বিধানসভালৈ আহিব৷"

বিজেপিত আনুষ্ঠানিক যোগদানৰ আগত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ফণী তালুকদাৰে ক'লে-"মোৰ AIUDFক লৈ কোনো আপত্তি নাই ৷ চৰকাৰী পক্ষৰ বিধায়ক হ'লে সমষ্টিবাসীৰ লাভ হয় ৷ কিন্তু ভৱানীপুৰত সদায় ওলোটা হয় ৷ চৰকাৰ যাৰ হয় বিধায়কজন হয় প্ৰায়েই বিৰোধীৰ ৷ ভৱানীপুৰ অসমৰ অন্যতম পিছপৰা সমষ্টি ৷ ব্লকৰ কাৰ্যালয় এটাও নাই ভৱানীপুৰত৷ শাসকীয় পক্ষত থাকি সমষ্টিৰ উন্নয়ন কৰিবলৈ মই সমষ্টিৰ উন্নয়নৰ বাবেহে বিজেপিলৈ আহিছো। সমষ্টিবাসীয়ে উশাহ ল'ব পৰা অৱস্থা এটা আহিব এতিয়া ৷ বিজেপিৰ নীতি আদৰ্শইও মোক আকৃষ্ট কৰিছে। মই ২০২১ত বিজেপিৰ পৰা টিকট বিচাৰিছিলো, নাপালো ৷ ৰণজিত দাসক বাৰম্বাৰ কৈছিলো নিৰ্বাচনৰ আগত যোগদানৰ কথা ৷ৰণজিৎ দাসে মোক কিয় গুৰুত্ব দিয়া নাছিল নাজানো।''

ফণী তালুকদাৰ লগতে তালুকদাৰে ক'লে, 'AIUDFক মই সাম্প্ৰদায়িক বুলি নকওঁ কিন্তু তাত ৯৮ শতংশই এক বিশেষ সম্প্ৰদায়ৰ লোক। কিন্তু কংগ্ৰেছতকৈ বহু উচ্চ চিন্তা সম্পন্ন লোক আছে AIUDFত।
Published by: Himangshu Bhuyan
First published: September 1, 2021, 1:10 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি