মুখ্যপৃষ্ঠা »খবৰ »অসম »Covid Vaccine: শাৰদীয় দুৰ্গোৎসৱৰ পূৰ্বে Covidক লৈ কেনে ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে চৰকাৰে ?

Covid Vaccine: শাৰদীয় দুৰ্গোৎসৱৰ পূৰ্বে Covidক লৈ কেনে ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি চলাইছে চৰকাৰে ?

১২ অক্টোবৰৰ পৰা অনুষ্ঠিত হব লগা দুৰ্গাপুজাৰ পূৰ্বে ১০ অক্টোবৰৰ ভিতৰত ৰাজ্যৰ সকলো লোককে প্ৰথম পালি ভেকচিন আৰু দ্বিতীয় পালিৰ সময় হোৱা সকলো লোককে ভেকচিনৰ দ্বিতীয় পালি দিয়াৰ ব্যৱস্থা হাতত লৈছে বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীয়ে ।

১২ অক্টোবৰৰ পৰা অনুষ্ঠিত হব লগা দুৰ্গাপুজাৰ পূৰ্বে ১০ অক্টোবৰৰ ভিতৰত ৰাজ্যৰ সকলো লোককে প্ৰথম পালি ভেকচিন আৰু দ্বিতীয় পালিৰ সময় হোৱা সকলো লোককে ভেকচিনৰ দ্বিতীয় পালি দিয়াৰ ব্যৱস্থা হাতত লৈছে বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীয়ে ।

  • Share this:
gaআগন্তুক শাৰদীয় দুৰ্গাপূজাৰ পূৰ্বে যাতে অসমৰ এশ শতাংশ লোকে ক'ভিডৰ ভেকচিন ল'ব পাৰে তাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে । ইতিমধ্যে যোৰহাটকে ধৰি উজনি অসমৰ কেইবাখনো জিলাত স্বাস্থমন্ত্ৰীগৰাকীয়ে ভ্ৰাম্যমাণ ক'ভিড প্ৰতিষেধক প্ৰদানকাৰী বাহনৰ উদ্বোধন কৰি অধিক হাৰত ভেকচিন প্ৰদানৰ ব্যৱস্থা মুকলি কৰিছে ।

শাৰদীয় দুৰ্গোৎসৱৰ পূৰ্বে ৰাজ্যত এশ শতাংশ ভেকচিন প্ৰদানৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে চৰকাৰে । ইতিমধ্যে অসমত দুই কোটিৰো অধিক লোকক প্ৰথম পালি ভেকচিন প্ৰদান কৰা হৈছে । বাকী ভেকচিন নোলোৱাকৈ থাকি যোৱা লোকসকলৰ চুবুৰিয়ে চুবুৰিয়ে গৈ ভেকচিন প্ৰদানৰ বাবে স্বাস্থ্য বিভাগে "ভ্ৰাম্যমাণ ক'ভিড প্ৰতিষেধক প্ৰদানকাৰী বাহন"ৰ ব্যৱস্থা কৰিছে । এই বাহনসমূহৰ জৰিয়তে ৰাজ্যখনৰ গাঁৱে-গাঁৱে, চুবুৰীয়ে চুবুৰীয়ে গৈ ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলোকে ক'ভিড প্ৰতিষেধক দিয়াৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে । ইতিমধ্যে নামনি অসমৰ তিনিখন জিলাত এই অভিযান মুকলি কৰাৰ পাছত সোমবাৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই উজনি অসমৰ তিনিখন জিলা ক্ৰমে মাজুলী, শিৱসাগৰ আৰু যোৰহাটৰ বাবে ১৫ খন এনে ভ্ৰাম্যমাণ ক'ভিড প্ৰতিষেধক প্ৰদানকাৰী বাহন'ৰ সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ।
" ক'ভিড অতিমাৰীৰ বিৰুদ্ধে চলোৱা যুঁজত জয়ী হ'বলৈ হ'লে আমি প্ৰথমে নিজৰ শৰীৰত এই ৰোগ প্ৰতিৰোধৰ ক্ষমতা আহৰণ কৰি ল'ব লাগিব। এই সময়ত ক'ভিড প্ৰতিষেধকেই হৈছে আমি এই প্ৰতিৰোধ ক্ষমতা আহৰণৰ বাবে উপলব্ধ একমাত্ৰ উপায়। সেয়ে, ক'ভিড প্ৰতিষেধক গ্ৰহণ কৰি আমি প্ৰত্যেকেই নিজকে সুৰক্ষিত কৰাৰ লগতে আনকো সুৰক্ষিত কৰি ৰাখিব লাগিব। অসমত ১৮ বছৰৰ ঊৰ্দ্ধৰ সকলো লোককে ক'ভিড প্ৰতিষেধক প্ৰদানৰ বাবে মুখ্যমন্ত্ৰীৰ দিক্-দৰ্শনত স্বাস্থ্য বিভাগে সকলো জিলাতে গাঁৱে গাঁৱে, চুবুৰীয়ে চুবুৰীয়ে বিশেষ বাহনৰ জৰিয়তে ক'ভিড প্ৰতিষেধক নি এতিয়াও প্ৰতিষেধক ল'বলৈ বাকী থকা লোকসকলক ক'ভিদ ভেকচিন প্ৰদানৰ এই নৱতম কাৰ্যসূচী গ্ৰহণ কৰিছে। " উজনিৰ তিনিখন জিলাৰ বাবে মোবাইল ক'ভিড ভেক্সিনেছন ভেনৰ সেৱা মুকলি কৰি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে এনেদৰে কয় ।

স্বাস্থ্যমন্ত্ৰী মহন্তই প্ৰকাশ কৰে যে ২০১১ চনৰ লোকপিয়লৰ তথ্যৰ আধাৰত ক'ভিড প্ৰতিষেধক অভিযানৰ বাবে নিৰূপণ কৰা অসমৰ বৰ্তমানৰ আনুমানিক জনসংখ্যাৰ হিচাপ অনুসৰি যোৰহাট জিলাত ১৮ বছৰৰ ঊৰ্দ্ধৰ মুঠ ৬.২০ লাখ গৰাকী লোকক ক'ভিড প্ৰতিষেধক প্ৰদানৰ লক্ষ্য ধাৰ্য কৰা হৈছিল যদিও এতিয়ালৈকে জিলাখনত মুঠ ৬.২৩ লাখ গৰাকী লোকক প্ৰথম পালি ক'ভিড প্ৰতিষেধক প্ৰদান কৰিছে স্বাস্থ্য বিভাগে। তদুপৰি, জিলাখনত ইতিমধ্যে দ্বিতীয় পালি প্ৰতিষেধক লাভ কৰিছে ১.২০ লাখ গৰাকী লোকে।  উল্লেখ্য যে, স্বাস্থ্য বিভাগে ক'ভিড প্ৰতিষেধক অভিযানত নতুনকৈ সংযোজন ঘটোৱা এই 'ভ্ৰাম্যমান ক'ভিড প্ৰতিষেধক বাহন' কাৰ্যসূচী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যোৱা ৮ ছেপ্টেম্বৰত গুৱাহাটীৰ আন্তঃৰাজ্যিক বাছ আস্থানত আয়োজিত এক অনুষ্ঠানত শুভাৰম্ভ কৰিছিল । সেইদিনা এই কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত নামনিৰ তিনিখন জিলা বাগচা, কোকৰাঝাৰ আৰু বজালীলৈ ১৫খন মোবাইল ক'ভিড ভেক্সিনেছন ভেন ৰাওনা হৈছিল ।

অহা ১৭ চেপ্টেম্বৰৰ পৰা পূৰ্বৰ দৰে ৰাজ্যত পুনৰ মেগা ভেকচিন প্ৰদান কাৰ্যসূচী আৰম্ভ হ'ব । কাৰণ ইয়াৰ পূৰ্বে মেগা ভেকচিন প্ৰদান কাৰ্যসূচীৰ সময়চোৱাত প্ৰথম পালি ভেকচিন গ্ৰহণ কৰা লোকসকলৰ দ্বিতীয় পালি ভেকচিন লোৱাৰ সময় ১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হব । ১৭ চেপ্টেম্বৰত সাত লাখ লোকক দ্বিতীয় পালি ভেকচিন প্ৰদানৰ লক্ষ্য স্থিৰ কৰা হৈছে । ১২ অক্টোবৰৰ পৰা অনুষ্ঠিত হব লগা দুৰ্গাপুজাৰ পূৰ্বে ১০ অক্টোবৰৰ ভিতৰত ৰাজ্যৰ সকলো লোককে প্ৰথম পালি ভেকচিন আৰু দ্বিতীয় পালিৰ সময় হোৱা সকলো লোককে ভেকচিনৰ দ্বিতীয় পালি দিয়াৰ ব্যৱস্থা হাতত লৈছে বুলি জানিবলৈ দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই  নিমাতিঘাটত উপস্থিত হৈ যোৱা ৮ ছেপ্টেম্বৰত সংঘটিত ফেৰী দুৰ্ঘটনাৰ ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে মাজুলীবাসীৰ সুবিধাৰ্থে ব্যৱহৃত মাজুলী আৰু নিমাতিঘাটৰ মাজত স্বাস্থ্য বিভাগৰ অধীনত পৰিচালিত ১০৮ মৃত্যুঞ্জয় এম্বুলেঞ্চ ফেৰী সেৱাৰ শেহতীয়া অৱস্থাৰো বুজ লয়। বৰ্তমান মাজুলী-নিমাতীঘাট  সংযোগী মৃত্যুঞ্জয় এম্বুলেঞ্চ ফেৰীসেৱাত দুখন এম্বুলেন্স ফেৰী নিয়মীয়াকৈ ব্যৱহৃত হৈ থকাৰ লগতে প্ৰয়োজন অনুসাৰে অতিৰিক্ত ভাৱে ব্যৱহাৰ কৰিব পৰাকৈ আৰু এখন এম্বুলেন্স ফেৰীও এই সেৱাত সংযোজিত কৰি ৰখা হৈছে । নিমাতিঘাট পৰিদৰ্শন কালত স্বাস্থ্যমন্ত্ৰী গৰাকীৰ সৈতে আছিল ৰাজ্যৰ স্বাস্থ্য সেৱা (পৰিয়াল কল্যাণ) সঞ্চালক মুনিন্দ্ৰ নাথ নাটেৰ লগতে যোৰহাট জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ বিষয়াবৰ্গ । মন্ত্ৰীগৰাকীয়ে ১০৮ এম্বুলেন্স ফেৰীসমূহত উঠি ভালদৰে চলি আছেনে নাই তাৰ বুজ লয় ।

আনহাতে কভিডৰ তৃতীয় ঢৌৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যৰ স্বাস্থ্য বিভাগ সাজু হৈ আছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে । কিন্তু বৰ্তমান চৰকাৰে  ভেকচিন প্ৰদানৰ ওপৰত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে বুলি স্বাস্থমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

শেহতীয়া বাতৰি