অসমৰ সমবায় ক্ষেত্ৰৰ এটি গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হ'ল অসম বহুমূখী সমবায় সমিটি লিমিটেড। এই অসম বহুমূখী সমবায় সমিটি লিমিটেডৰ অধ্যক্ষ হ'ল বিজেপিৰ ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু উপাধ্যক্ষ হল দিব্য বৰুৱা। য'ত আছে ১৫ জনীয়া সঞ্চালক মণ্ডলী। সমবায় ক্ষেত্ৰৰ ই অতিকৈ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান।
অসম বহুমূখী সমবায় সমিটি লিমিটেডটো শেহতীয়াকৈ বিগত বৰ্ষৰ ৩০ ডিচেম্বৰৰ পৰা হিচাপ পৰীক্ষাৰ নামত বন্ধ হৈ আছে। অসমৰ বহুমুখীৰ এই কাৰ্যালয়সমুহ বন্ধ হৈ থকাৰ ফলত প্ৰতিষ্ঠানটোৱে মূলতঃ ঋণ প্ৰদান অথবা কিস্তি সংগ্ৰহ, ঘৰ ভাৰা, কৰ্মচাৰীৰ দৰমহা, ম্যাদপূৰ্ণ ধন আদায় দিব পৰা নাই। এই ক্ষেত্ৰত পুনৰ কাম আৰম্ভ কৰিবলৈ শীঘ্ৰে কাৰ্যালয়সমুহ খুলি দিয়াৰ দাবীত অসম বহুমূখী সমবায় সমিটি লিমিটেডৰ এটি সজাতি দলে ৰাজ্য চৰকাৰৰ সমবায় মন্ত্ৰী নন্দিতা গাৰ্লোছাক সাক্ষাৎ কৰে।
মন্ত্ৰী গৰাকীয়েও ২০ ফেব্ৰুৱাৰীৰ পূৰ্বে অসম বহুমূখী সমবায় সমিটি লিমিটেডৰ কাৰ্যালয়সমূহ খুলি দিয়াৰ আশ্বাস প্ৰদান কৰে। ইফালে
চৰকাৰক অংশীদাৰী ধনৰ হিচাপত ৫১ কৌটি টকা আদায় দিয়াৰ বাবে লিমিটেডে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক বিচাৰিছিল য'ত চৰকাৰে ইতিমধ্যে ৮০ লাখ টকা মোকলাই দিছে।
Published by: Kokil Sarma
FIRST PUBLISHED : February 07, 2023, 23:15 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|