শেহতীয়াকৈ হাতী-মানুহৰ সংঘাতে (Man-Elephant Conflict) তীব্ৰ ৰূপ ধাৰণ কৰা গোৱালপাৰা (Goalpara) জিলাত হাতী-মানুহৰ সংঘাত প্ৰৰিৰোধ তথা স্থায়ী সমাধানৰ বাবে আগবাঢ়ি আহিছে কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগে ৷ গোৱালপাৰাৰ মৰনৈত কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগে উত্তৰ পূৰ্বাঞ্চলত প্ৰথম বাৰৰ বাবে শুভাৰম্ভ কৰে ’ৰি-হেভ’ নামৰ এখন অভিলাসী আচঁনি এই আচঁনিৰ যোগেদি বনৰীয়া হাতীৰ সংঘাত নিৰ্মূল কৰিব আৰু বনৰীয়া হাতীৰ উপদ্ৰৱ থকা অঞ্চল সমূহত ঘুৰি আহিব স্থায়ী শান্তি৷
“ৰি-হেব“(Reducing Elephant- Human Attack Using Bees) হ'ল মৌ মাখিৰ (Honey Bees) পৰা মানুহক বনৰীয়া হাতীৰ সংঘাতৰ পৰা পৰিত্ৰাণ দিয়াৰ এক অভিনৱ প্ৰকল্প ৷ প্ৰথম অৱস্থাত কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়গে এই অভিলাসী আঁচনিখন ৰূপায়ণৰ বাবে নিৰ্ব্বাচিত কৰি লৈছে জিলা খনৰ মৰনৈ আৰু দহিকতা অঞ্চল৷ সম্প্ৰতি আন ভিন্ন অঞ্চলৰ লগতে মৰনৈ আৰু দহিকটাত বৃদ্ধি পাইছে হাতী-মানুহৰ সংঘাত ৷
কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়গে ইতিমধ্যেই এই দুয়োটা অঞ্চলত স্থাপন কৰাৰ বাবে মৰনৈ আৰু দহিকটাৰ হাতী অহা-যোৱা কৰা বাটত সংস্থাপন কৰিব প্ৰায় তিনি শতাধিক মৌ বাঁহ৷ ইতিমধ্যে হাতী আহিব পৰা স্থান সমূহত এই মৌ সমূহ ৰখা হৈছে৷ মৌৰ গুণ গুণ শব্দ বনৰীয়া হাতীৰ প্ৰধান শত্ৰু৷ মৌ মাখিৰ বাবে বনৰীয়া হাতীয়ে আগুৱাই যোৱাটো সম্ভৱ নহ’ব ৷ এই মৌ বাঁহ সমূহৰ সমান্তৰালভাৱে সংস্থাপন কৰা হৈছে কেইবাটাও CCTV কেমেৰা ৷ নিশা মৌ-মাখিয়ে কি দৰে হাতীক খেদিবলৈ সক্ষম হয় সকলোবোৰ দৃশ্য বা গতিবিধি নিৰিক্ষণ কৰা হ’ব এই CCTV ৰ জৰিয়তে ৷
কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়োগে গোৱালপাৰা বন বিভাগৰ সহযোগত পোন প্ৰথম বাৰৰ বাবে গোৱালপাৰা জিলাত ৰূপায়ণ কৰিছে এই অভিনৱ পদক্ষেপ৷ আচঁনিৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়গোৰ অধ্যক্ষ বিনয় কুমাৰ সাক্সেনাই ৷ ইতিমধ্যেই আয়োগে মৰনৈ আৰু দহিকটা অঞ্চলৰ বাবে বিনামূলীয়াকৈ এই মৌৰ বাঁহ সমূহ যোগান ধৰিছে ৷ হাতীয়ে মৌ বাঁহ নষ্ট কৰিলে পুনৰায় আয়েগে যোগান ধৰিব ৷
ইফালে মৌ বাঁহ সমূহৰ পৰা লাভ কৰা মৌ ৰস গৃহস্থই ব্যৱসায় কৰাৰ সুবিধা লাভ কৰিব ৷ হাতীৰ অহা সম্ভৱনা থকা পথাৰৰ কাষৰ প্ৰতিটো গৃহস্থই লাভ কৰিব দহটাকৈ মৌৰ বাহ৷ হাতীৰ সংঘাতত জৰ্জ্জড়িত লোক সকলে কেন্দ্ৰীয় খাদী গ্ৰামোদ্যোগ আয়গোৰ এই আঁচনিৰ পৰা উপকৃত হোৱাৰ লগতে গোৱালপাৰাত হাতী-মানুহৰ সংঘাত প্ৰশমিত কৰাত কিছু সহায়ক হ'ব বুলি আশা কৰিছে ৷
এই “ৰি-হেব” আঁচনিৰ জৰিয়তে দক্ষিণ ভাৰতত যথেষ্ট সু-ফল পোৱা গৈছে বুলি জানিবলৈ দি ৰি-হেবৰ বিষয়াই কয় যে হাতীয়ে উপদ্ৰৱ চলোৱা ঠাইত মৌ বাঁহ স্থাপন কৰা ঠাইলৈ বনৰীয়া হাতী যোৱাটো প্ৰায় ৮০% কমিছে ৷ গোৱালপাৰা জিলাত এই আঁচনিখনে ভাল ফল দেখুৱালে সমগ্ৰ অসমতে এই মৌ-মাখিৰে হাতী-মানুহৰ সংঘাত ৰোধৰ স্থায়ী সমাধানৰ বাবে আগবাঢ়িব খাদী আৰু গ্ৰামোদ্যোগ আয়োগে ৷
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by: Manjumoni Borah
FIRST PUBLISHED : December 05, 2021, 09:58 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।