
Beer Rescued in BarpetaRoad : বিগত কিছুদিনত মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চললৈ ওলাই অহা ১২ টা ভালুক বনবিভাগে উদ্ধাৰ কৰিছে।
Beer Rescued in BarpetaRoad : বিগত কিছুদিনত মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চললৈ ওলাই অহা ১২ টা ভালুক বনবিভাগে উদ্ধাৰ কৰিছে।
বৰপেটাৰোড (Barpetaroad)ৰ কাটাঝাৰত এটা পৰিয়ালৰ পৰিত্যক্ত ঘৰ এটাত সোমবাৰে পুৱা গৃহস্থই ভালুক (Beer) এটা দেখা পায় ৷ তাৰ পিছতে হুৱা দুৱা লাগে সমগ্ৰ অঞ্চলটোত ৷ ভালুকটো চোৱাৰ বাবে লোকে লোকাৰণ্য হৈ পৰে উক্ত ঘৰটোত ৷
এই খবৰ লাভ কৰি বনবিভাগ আৰু বৰপেটাৰোড আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ভালুকটো ট্ৰেংকুলাইজ কৰি বিশেষ বাহনেৰে মানস ৰাষ্ট্ৰীয় উদ্যান (Manas National Park)লৈ লৈ যায় ৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত মানাহৰ ঘন জংঘলত ভালুকটো মুকলি কৰি দিব বন বিভাগৰ লোকে।
মানস ৰাষ্ট্ৰীয় উদ্যানত জলবায়ুৰ তাৰতম্যৰ বাবেই জনাঞ্চললৈ ওলাই আহিছে ভালুক ৷ কাটাঝাৰত প্ৰকাণ্ড ভালুক উদ্ধাৰ কৰি এই মন্তব্য বন বিভাগৰ জ্যেষ্ঠ পশু চিকিৎসক প্ৰভাত বসুমতাৰীৰ ৷ জলবায়ুৰ পৰিবৰ্তন আৰু মানস ৰাষ্ট্ৰীয় উদ্যানত ভালুকৰ পৰিমাণ যথেষ্ট বৃদ্ধিৰ বাবে ভালুক জনাঞ্চললৈ ওলাই অহা বুলি সদৰি কৰে মানাহৰ পশু চিকিৎসক প্ৰভাত বসুমতাৰীয়ে ৷
উল্লেখ্য যে বিগত কিছুদিনত মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চললৈ ওলাই অহা ১২ টা ভালুক বনবিভাগে উদ্ধাৰ কৰিছে।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|