গো সুৰক্ষা আইনক ভেঙুচালি গো মাফিয়াৰ। চৰাইদেউ জিলাৰ সোণাৰিৰ অসম নগালেণ্ডৰ সীমান্তৰ নামতোলাত গো মাংসসহ গাওঁৰক্ষী বাহিনীৰ জালত পৰিল গো মাফিয়া।সোণাৰিৰ পৰা নাগালেণ্ডলৈ কটা গৰু মাংস নিবলৈ চেষ্টা কৰোতেই গাওঁৰক্ষী বাহিনীৰ হাতত ধৰা পৰে।
উল্লেখ্য যে, সোণাৰিৰ পৰা এ এছ ৩৩ চি ০২৯২ নম্বৰৰ এখন বাহনত নাগালেণ্ড অভিমুখে নি থকা অৱস্থাতে গাওঁৰক্ষী বাহিনীয়ে হাতে লুটে ধৰা পেলাই লালু খান নামৰ এটা গো মাফিয়াক। পিছত নামতোলা আৰক্ষী থানাত চমজাই দিয়ে।
ইফালে ঘটনাৰ সন্দৰ্ভত নামতোলা আৰক্ষীয়ে গো মাফিয়া লালু খানক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে। এইদৰে নিতৌ নতুন কৌশল অৱলম্বন কৰি গো মাফিয়াই নামতোলা আৰক্ষী থানাৰ সন্মুখেৰে বহিঃৰাজ্যলৈ অৰ্থাৎ নগালেণ্ডৰ মন জিলালৈ কটা গো মাংস সৰবৰাহ কৰি অহাৰ ঘটনাই আৰক্ষীৰ দুৰ্বলতাৰ দিশটোকে উদঙাইছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|