মুখ্যপৃষ্ঠা » খবৰ

» অসম

»'অসমত সম্পূৰ্ণ ৰূপে নিষিদ্ধ হ'ব লাগে গো হত্যা আৰু গো মাংস বিক্ৰী'- দাবী AIUDFৰ বিধায়ক জাকিৰ হুছেইন লস্কৰৰ

'অসমত সম্পূৰ্ণ ৰূপে নিষিদ্ধ হ'ব লাগে গো হত্যা আৰু গো মাংস বিক্ৰী'- দাবী AIUDFৰ বিধায়ক জাকিৰ হুছেইন লস্কৰৰ

News18 Assam | News18-Assam
Updated:July 26, 2021, 4:15 PM IST
'অসমত সম্পূৰ্ণ ৰূপে নিষিদ্ধ হ'ব লাগে গো হত্যা আৰু গো মাংস বিক্ৰী'- দাবী AIUDFৰ বিধায়ক জাকিৰ হুছেইন লস্কৰৰ
মহাজোঁটত আছেনে এআইইউডিএফ?  ফাট মেলিছে নেকি কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাত?

মহাজোঁটত আছেনে এআইইউডিএফ?  ফাট মেলিছে নেকি কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাত?

  • Share this:
পুনৰ গো মাংসৰ প্ৰসংগ। অসমত সম্পূৰ্ণ ৰূপে নিসিদ্ধ হ'ব লাগে গো হত্যা আৰু গো মাংস বিক্ৰী। এই দাবী জনালে স্বয়ং AIUDFৰ বিধায়ক জাকিৰ হুছেইন লস্কৰে। হাইলাকান্দি সমষ্টিৰ বিৰোধীবিধায়ক গৰাকীৰ স্পষ্ট মত, অসমত গো মাংস ভক্ষণ বন্ধ হওক। কেৱল হাইলাকান্দি জিলাতে নহয়, সমগ্ৰ ৰাজ্যত গৰু হত্যা আৰু ইয়াৰ মাংসৰ প্ৰচলন সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ বাবে জোৰদাৰ দাবী তুলিলে বিধায়ক জাকিৰ হুছেইন লস্কৰে।

মহাজোঁটত আছেনে এআইইউডিএফ?  ফাট মেলিছে নেকি কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতাত?

সোমবাৰে কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰে এআইইউডিএফৰ বিধায়ক জাকিৰ হুছেইন লস্কৰে।জাকিৰ হুছেইন লস্কৰৰ মতে, বিগ ব্ৰাদাৰৰ ধৰ্ম পালনত কংগ্ৰেছ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।

আশ্বৰ্যজনক ভাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰাৰ যেন অঘোষিত প্ৰতিযোগিতা চলিছে এআইইউডিএফত। এজনৰ পিছত আনজন এআইইউডিএফৰ বিধায়কৰ মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুণানুকীৰ্তন। এআইইউডিএফৰ সূত্ৰৰ পৰা জানিব পৰা মতে, দলটোৰ তিনিগৰাকী বিধায়কে বিজেপিত যোগদান কৰাৰ কথা বতৰা চলি আছে।
Published by: Himangshu Bhuyan
First published: July 26, 2021, 3:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি