আজি আন্তৰাষ্ট্ৰীয় যোগ দিৱস । কভিড সৃষ্ট পৰিবেশৰ মাজতে সমগ্ৰ সমগ্ৰ বিশ্বৰ লগতে অসমতো কোভিড সৃষ্ট পৰিবেশৰ মাজতে অনুষ্টুপীয়াকৈ পালন কৰা হৈছে যোগ দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱৰ বেবেজীয়াৰ কৃতি শিক্ষক লক্ষ্মীনাৰায়ণ বৰাই ঘৰতে নিজ পুত্ৰ-কন্যাক লগত লৈ পালন কৰিছে যোগ দিৱস।
শিক্ষক লক্ষ্মীনাৰায়ন বৰা ১৫ বছৰ ধৰি কৰি যোগাসনৰ লগত জড়িত হৈ আছে।কোভিড সৃষ্ট পৰিবেশৰ মাজত লক্ষ্মীনাৰায়ন বৰাই কোভিড প্ৰট'কল ৰক্ষা কৰি নিজ সন্তান আৰু প্ৰতিবেশীক লগত লৈ নিতৌ নিজা বাসগৃহত যোগাসন কৰি আহিছে। তেওঁৰ ১২ বছৰীয়া পুত্ৰ তন্ময়নাৰায়ন কাশ্যপ আৰু কণমানি জীয়ৰী গৌৰী কাশ্যপেও দেউতাকৰ পৰা নিতৌ যোগাসনৰ প্ৰশিক্ষণ লৈ ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন যোগাসন প্ৰতিযোগিতাত অংশগ্রহণ কৰি সফলতা অর্জন কৰিবলৈ সক্ষম হৈছে। লক্ষ্মীনাৰায়ণ বৰাই ৰাষ্ট্ৰীয় পৰ্যায়ত যোগাসন প্ৰতিযোগিতাত পাঁচবাৰকৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেওঁ বিনামূলীয়াকৈ প্ৰদান কৰি আহিছে যোগৰ প্ৰশিক্ষণ ।
কোভিড -১৯ ৰ দৰে মহামাৰীৰ লগত মোকাবিলা কৰিবলৈ কৰিবলৈ যোগাসন হৈছে উত্তম উপায় । সেয়ে সকলোকে তেওঁ যোগাসন কৰিবলৈ আহ্বান জনাইছে।যোগাসনৰ সৈতে জড়িত এটি পৰিয়াল।ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত উজলিছে পিতৃ আৰু দুই সন্তান।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|