পৰিভ্ৰমী পক্ষীৰ কলৰৱত সাৰ পাই উঠা এখন সপোনপুৰী, অসমৰ এইখন ঠাইলৈ আহিছেনে?

ৰূপহী অসমৰ অচিনা ৰূপ।

বৰ্তমানৰ NRCৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেব শৰ্মা সেই সময়ত আছিল অভয়াপুৰীৰ মহকুমাধিপতি ৷ হিতেশ দেব শৰ্মাৰ প্ৰচেষ্টাতে জবকাৰ্ডৰ যোগেদি স্থানীয় লোকে গঢ় দিলে আজিৰ কয়াঁ-কুজীয়া ৷

"পিটনিবোৰ কৰটেৰে কাটিব লগীয়া হৈছিল ৷ এই অঞ্চলৰ মানুহখিনিক জবকাৰ্ডৰ যোগেদি পিটনি চাফা কৰাৰ কামত লগাইছিলো ৷ মানুহখিনিয়ে দুটা টকা পোৱাৰ লগতে এই অপৰূপ কয়াঁ-কুজীয়া লাভ কৰিলে অভয়াপুৰী বাসীয়ে ৷


নৌকা বিহাৰৰে প্ৰতিগৰাকী পৰ্যটকে কয়াঁ-কুজীয়াত ল'ব পাৰে অনাবিল আনন্দ ৷ এক বৃহত্তৰ অঞ্চল সামৰি সকলোকে হাত বাউলী মতা কয়াঁ-কুজীয়াৰ পৰ্যটনৰ সম্ভাৱনা যেন আজিও বুজি উঠা নাই ৰাজ্যৰ পৰ্যটন বিভাগটোৱে ৷ উদাসীন বিভাগটোৱে পদক্ষেপ ল'লে কয়াঁ-কুজীয়া হৈ পৰিব পাৰে ৰাজ্যৰ অন্যতম পৰ্যটন ক্ষেত্ৰ ৷ NRCৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেব শৰ্মাইও মনে প্ৰাণে বিচাৰে সপোনপুৰী অভয়াপুৰীৰ এই কয়াঁ-কুজীয়া হওক ৰাজ্যৰ অন্যতম পৰ্যটন ক্ষেত্ৰ ৷
