নলবাৰী চহৰৰ (Nalbari) এটা পথৰ দুয়োকাষ জাতিষ্কাৰ হৈ পৰিছে নানাৰঙী ফুলেৰে। নলবাৰীৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নলবাৰী চহৰলৈ প্ৰৱেশ কৰা পথটোৱে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। পথটোৰে যোৱা প্ৰতিজন লোকৰ মন আপ্লুত কৰি তুলিছে পথৰ ডিভাইডাৰত ফুলি থকা ফুলবোৰে।
নলবাৰী চহৰলৈ অহা এইটো হৈছে এটা অন্যতম মূল প্ৰৱেশ পথ। গণেশ মন্দিৰ চ’কৰ পৰা নলবাৰী হৰি মন্দিৰলৈ যোৱা পথেৰে আপুনি দেখিব নানাৰঙী ফুলবোৰ। সমগ্ৰ পথছোৱাতে শোভা বৰ্ধন কৰিছে নানা ৰঙ–বিৰঙৰ ফুলে।
যদিহে আপুনি নলবাৰীলৈ আহে তেতিয়াহ’লে আপুনি গণেশ মন্দিৰ চ’কত আটকধুনীয়া তোৰণ পাৰ হৈ উপভোগ কৰিব পাৰিব এক নান্দনিক দৃশ্য। পথৰ মাজে মাজে থকা এই বাগিচা সকলো লোকৰে দৃষ্টি আকৰ্ষণ কৰিছে।
নলবাৰী ৰাস মহোৎসৱৰ সময়ছোৱাত ৰাজ্য চৰকাৰৰ উদ্যোগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ তত্বাৱধানত ডিভাইদাৰত গঢ় লৈ উঠিছিল বাগিচাখন। ফুল ৰোৱাৰ সমান্তৰালভাৱে বেৰ দি সংৰক্ষিত কৰিছে ফুলৰ গছবোৰ। এতিয়া প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱাৰ মাজৰ ডিভাইডাৰত ফুলিছে নানাৰঙী ফুল।
ইফালে, সৌন্দৰ্যবৰ্ধনৰ লগতে এতিয়া চেলফি উঠাৰ এক সুন্দৰ পৰিৱেশ হৈ পৰিছে এই পথছোৱা। বিভিন্নজনে এতিয়া এই পথছোৱাত ৰৈ তুলিছে ছেলফি, উপভোগ কৰিছে নান্দনিক শোভা।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 18, 2023, 10:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।