প্ৰভুভক্তলৈ মালিকৰ মৰম! কি কাৰণে পোহনীয়া কুকুৰৰ কাৰণে এমুখ দাঢ়ি ৰাখিছে এজন ব্যক্তিয়ে?

পোহনীয়া কুকুৰ যেতিয়া সন্তানসম হয়।

News18-Assam
Updated:September 23, 2019, 6:06 PM IST
প্ৰভুভক্তলৈ মালিকৰ মৰম! কি কাৰণে পোহনীয়া কুকুৰৰ কাৰণে এমুখ দাঢ়ি ৰাখিছে এজন ব্যক্তিয়ে?
পোহনীয়া কুকুৰ যেতিয়া সন্তানসম হয়।
News18-Assam
Updated: September 23, 2019, 6:06 PM IST
নীলয় ভট্টাচাৰ্য, নিউজ18: অবুজন, অমাত জীৱ বুলি ভবা জীৱ-জন্তুক আমি প্রায়ে অৱহেলা কৰোঁ৷ বহুক্ষেত্রত সিহঁতৰ ওপৰত অন্যায়ভাৱে মানুহৰ অত্যাচাৰী, হুকুমদাৰী আচৰণ প্রকট হৈ উঠে৷ পিছে সদায় দেখি থকা তেনে জীৱৰ কর্ম-আচৰণে কেতিয়াবা ক’ব নোৱৰাকৈ মনত সাঁচ বহুৱাব পাৰে৷ তেনে এবিধ জীৱ কুকুৰ ।

কুকুৰক ভালপোৱা এজন মানুহ । এমুখ দাড়িৰে ভৰা মানুহজনৰ নাম ৰাজু । তেখেতৰ ঘৰত প্ৰায় দেশী-বিদেশী ১৭ টাকৈ কুকুৰ আছে । এই কুকুৰবোৰ তেখেতে কিনি অনা নাই, হেৰাই পাইছে এই কুকুৰবোৰ । তাৰে এটা সকলোৰে পৰিচিত জাৰ্মান চেফৰ্ড , নাম চিজাৰ । ২০১৫ চনত অতি বেয়া অৱস্থাত ৰাজুৱে বাটত পাইছিল চিজাৰক । চিজাৰৰ লগতে এই কুকুৰবোৰক ৰাজু আৰু তেওঁৰ পত্নীয়ে নিজৰ সন্তানৰ দৰে প্ৰতিপালন কৰে। 

পিছে এক দুৰ্ভাগ্যক্ৰমে চিজাৰৰ শৰীৰত হিম'গ্লবিনৰ পৰিমাণ কমি যায় যাৰ বাবে এটা জাৰ্মান চেফৰ্ডৰ শৰীৰৰ পৰা প্ৰায় দুবাৰকৈ তেজ দিব লগা হয় চিজাৰক । তথাপিও চিজাৰৰ স্বাস্থ্যৰ উন্নতি ঘটা নাছিল । ফলত তেওঁলোকে চিজাৰক উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিবলৈ প্ৰস্তুত হয় । বৰ্তমানৰ অৱস্থাটো এনেকুৱা পৰ্যায় পাইছেগৈ য'ত এজন মানুহকে উন্নত চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ নিবৰ বাবে হাজাৰবাৰ ভাবিব লাগে। তেনে সময়তে ৰাজুৱে চিজাৰৰ উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিবৰ বাবে যো-জা চলাইছিল । কিন্তু চিজাৰৰ হিমগ্ল'বিন কম থকাৰ হেতু ফ্লাইটত নিয়াটো সম্ভৱ নাছিল কাৰণ তাত অক্সিজেনৰ পৰিমাণ খুবেই কম আছিল । সেইবাবে তেওঁলোকে ট্ৰেইনত নিবৰ বাবে টিকট বুক কৰিলে । যিখন ট্ৰেইনত নিবলৈ বিচৰা হৈছিল তাত কুকুৰ নিয়াৰ বাবেই ৪ টা টিকট কাটিবলগীয়া হৈছিল। এই সকলোবোৰ যো-জা কৰাৰ পাছতো তেওঁলোকে চিজাৰক চেন্নাইলৈ নিব নোৱাৰিলে । চেন্নাইলৈ নিয়াৰ আগতেই চলিত বৰ্ষৰ এপ্ৰিলত চিজাৰৰ মৃত্যু হয়।

Death has come in every life, but some death are cannot bear death । মৃত্যু সকলোৰে জীৱনলৈ আহে কিন্তু কিছুমান মৃত্যুক সহজে মানি লব নোৱাৰে । যেতিয়া সি খুব বেছি আপোন হয় । সেয়াই হৈছিল ৰাজুৰ ক্ষেত্ৰত যেতিয়া চিজাৰৰ মৃত্যু হৈছিল । খুবেই আপোন আছিল চিজাৰ । চিজাৰক নিজ হাতেৰে ভাত খুৱাই দিছিল সন্তানৰ দৰে। সেয়ে চিজাৰৰ কথা ওলালেই আজিও উচুপি উঠে ৰাজু ।

ডেভিল নামৰ এটা জাৰ্মান চেফৰ্ড আছিল ৰাজু আৰু তেওঁৰ পত্নীৰ জীৱনত প্ৰথম কুকুৰ । ৰাজুৰ পত্নীৰ কুকুৰৰ প্ৰতি মৰম আছিল যদিও নাজানিছিল কুকুৰৰ প্ৰতিপালন। কিন্তু ডেভিলক তেওঁলোকৰ ঘৰলৈ অনাৰ পাছৰে পৰা তেওঁৰ পত্নীৰো বাঢ়ি গৈছিল কুকুৰৰ প্ৰতি অগাধ মৰম। কিন্তু দুৰ্ভাগ্যবশত এক ৰোগত আক্রান্ত হৈ ডেভিলৰ মৃত্যু হয় । ডেভিলৰ জৰিয়তেই কুকুৰৰ লগত একাত্ম হৈ গৈছিল তেওঁ। এক কথাত কবলৈ গ'লে এই কুকুৰবিলাকৰ মাতৃ হৈ পৰিছিল ৰাজুৰ পত্নী।

ইফালে চিজাৰৰ অসুস্থতাৰ সময়ত চিজাৰৰ প্ৰতিপালনৰ বাবে ৰাজুৱে নিজৰ শৰীৰৰ প্ৰতি মনোযোগ দিব পৰা নাছিল। যাৰ বাবে তেখেতৰ কোনো দিনেই দাড়ি নথকা মুখখনত এমুখ দাড়ি গজি গৈছিল আৰু শেষত চিজাৰৰ মৃত্যুৰ পাছত তেওঁ দাড়ি কাটিবলৈ এৰি দিছিল । চিজাৰৰ স্মৃতিত তেওঁ এপ্ৰিলৰ পৰা এবাৰো নকটাকৈ দাড়ি ৰাখি আহিছে ।

কুকুৰ আৰু মানুহৰ এনেধৰণৰ ভালপোৱাৰ এক দৃষ্টান্ত পোৱা যায় হাছিকো নামৰ এটা কুকুৰ আৰু এজন প্ৰৱক্তাৰ কাহিনীত । জাপানৰ "হিডেছাবোৰো উয়েনু" নামৰ বিশ্ববিদ্যালয়খনৰ কৃষি বিভাগৰ এজন প্ৰৱক্তাই এটা হাছিকো নামৰ কুকুৰ পুহিছিল । প্ৰৱক্তাজনে তেওঁৰ কাম শেষ হোৱাৰ পাছত সদায় ৰেলেৰে ঘৰলৈ উভতি আহিছিল আৰু হাছিকোৱে সদায় প্ৰৱক্তাজনক ৰেল ষ্টেচনৰ পৰা আগবঢ়াই আনিছিল । এদিন প্ৰৱক্তাজন ঘৰলৈ ঘূৰি নাহিল । তেখেতৰ আকস্মিকভাৱে মৃত্যু হ'ল। কিন্তু কুকুৰটোৱে প্ৰতিদিনেই ষ্টেচনলৈ ৰেল অহাৰ সময়ত যায় মালিকক নেদেখি উভতি আহে । এনেদৰেই কেইবাবছৰৰ পাছত কুকুৰটোৰ ৰেল ষ্টেচনতে মৃত্যু হয় । কুকুৰটোৰ মালিকৰ প্ৰতি থকা এনে ভক্তিৰ বাবে কুকুৰটোৰ মৃত্যুৰ পাছত সেই ঠাইৰ লোকসকলে কুকুৰটোৰ এক মূৰ্তি স্থাপন কৰে । এই মৰমক লৈ চিনেমাও নিৰ্মাণ হৈছে।

হাছিকো আৰু প্ৰবক্তাজনৰ দৰেই আছিল চিজাৰ আৰু ৰাজুৰ সম্পৰ্ক, ভালপোৱা । ৰাজুৰ ওচৰত ষ্ট্ৰেটা, জীউছকে ধৰি ১১ টাকৈ কুকুৰ আছে যদিও চিজাৰ ঠাই আজিলৈকে কোনেও লব পৰা নাই। চিজাৰ তেওঁৰ বাবে এটা কুকুৰ নহয়, তেওঁৰ সন্তান । সন্তানক হেৰুৱাৰ দুখ জানো ইমান সহজে পাহৰিব পাৰি । নিশ্চিয় নোৱাৰি। সেয়ে আজিও পাহৰিব পৰা নাই চিজাৰক । চিজাৰ নোহোৱা আজি প্ৰায় ৬ মাহেই অতিক্ৰম কৰিলে তথাপিও চিজাৰৰ স্মৃতিয়ে আমনি কৰে ৰাজুক আৰু তেওঁৰ পত্নীক । চিজাৰৰ অবিহনে যেন আধৰুৱা তেওঁলোকৰ জীৱন।
আৰু চাওক পৰৱৰ্তী বাতৰি