দহজন চিত্ৰকৰে বিধানসভাৰ চৌহদৰ দেৱালত ১২৩খন পেইণ্টিং আঁকি অসমীয়া জাতীয় জীৱনৰ ছবিসমূহ দাঙি ধৰে৷
দহজন চিত্ৰকৰে বিধানসভাৰ চৌহদৰ দেৱালত ১২৩খন পেইণ্টিং আঁকি অসমীয়া জাতীয় জীৱনৰ ছবিসমূহ দাঙি ধৰে৷
অসমৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ জাতীয় জীৱনৰ প্ৰতিচ্ছবি এইবাৰ খোদিত হ'ল অসম বিধানসভাৰ চৌহদৰ দেৱালত৷ দহজন চিত্ৰকৰে বিধানসভাৰ চৌহদৰ দেৱালত ১২৩খন পেইণ্টিং আঁকি অসমীয়া জাতীয় জীৱনৰ ছবিসমূহ দাঙি ধৰে৷
প্ৰথমে বিভিন্ন ৰঙীন ফুলেৰে জাতিষ্কাৰ হ'ল অসম বিধানসভাৰ চৌহদ। হেঙিং টাবত ৰঙীন ফুল, অলেখ টাবত শাৰী শাৰী অলেখ ফুল আৰু ভাৰ্টিকেল ৰূপত ফুলৰ সমাহাৰ বিধানসভাৰ দেৱালত৷ বিধানসভাৰ বাজেট অধিৱেশনৰ পূৰ্বে নতুন অধ্যক্ষই কৃত্ৰিম ফুলনিৰে অসম বিধানসভা চৌহদৰ বাহিৰে-ভিতৰে সুশোভিত কৰাৰ পিছত এইবাৰ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা ছবিৰে বিধানসভাৰ দেৱালসমূহ অংকিত কৰাৰ ব্যৱস্থা কৰিলে৷
শুকুৰবাৰে বিধানসভাৰ দেৱালত অঁকা হ'ল বিভিন্ন জাতি–জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা পেইণ্টিং৷ বড়ো, ৰাভা, কছাৰী, মৰাণ, মটক, চাহ জনগোষ্ঠী, মিছিং, কাৰ্বি, গাৰো, তিৱা আদি জাতি–জনগোষ্ঠীৰ সমাজ জীৱনক প্ৰতিনিধিত্ব কৰা পেইণ্টিং অঁকা হয় বিধানসভাৰ চৌহদৰ দেৱালত৷ মুঠ দহজন চিত্ৰকৰে অতি নিপুনতাৰে ১২৩খন পেইণ্টিং আঁকিলে বিধানসভাৰ চৌহদৰ দেৱালত৷ মুঠতে এনেদৰে এতিয়া ফুল আৰু দেৱাল পেইণ্টিঙেৰে সুশোভিত কৰি তোলা হৈছে অসম বিধানসভাৰ চৌহদ৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|