চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী কুকলুং ৰেঞ্জৰ অন্তৰ্গত ১নং দংশিয়াপাৰাত ভালুক উদ্ধাৰ। বিগত প্ৰায় চাৰি দিন ধৰি অঞ্চলটোত মুক্ত বিচৰণ কৰি আতংকৰ সৃষ্টি কৰা ভালুকটো বন বিভাগে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।
বন বিভাগ আৰু চিকিৎসকে ট্ৰেংকুলাইছড কৰি ভালুকটোক উদ্ধাৰ কৰে।মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা জনাঞ্চললৈ ওলাই অহা ভালুকটো উক্ত অঞ্চলৰ কৃষকৰ কল, বেঙেনা আদি খাই তহিলং কৰাৰ লগতে আতংকৰ সৃষ্টি কৰি আহিছিল।
বন বিভাগৰ লোকৰ চাৰি দিন নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত ট্ৰেংকুলাইছড কৰিবলৈ সক্ষম হয়। ভালুক উদ্ধাৰ অভিযানত বনকৰ্মী, আৰক্ষী, এছ এছ বি আদিয়ে সহযোগিতা আগবঢ়াইছিল। জানিব পৰা মতে, ভালুকটোৰ সোঁ ভৰিত কাড় লাগি থকাৰ বাবে আঘাতপ্ৰাপ্ত হৈ আছিল। পাছত বন বিভাগৰ চিকিৎসকে ভৰিৰ পাৰা কাড়ডাল উলিয়াই চিকিৎসা কৰাৰ লগতে ভালুকটোক পাণবাৰী ৰেঞ্জৰ অন্তৰ্গত মানাস ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত মুকলি কৰি দিয়াৰ বাবে লৈ যায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|