உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • যোৰহাটত ফ্লেট ক্ৰয় কৰোতে সাৱধান! বিল্ডাৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ তুলিছে বহু আৱাসীয়ে

    যোৰহাটত ফ্লেট ক্ৰয় কৰোতে সাৱধান! বিল্ডাৰৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ তুলিছে বহু আৱাসীয়ে

    যোৰহাটত চলি থকা ফ্লেটৰ এনে এখন ৰমৰমীয়া বজাৰৰ কথা উদঙাই দিছে ফ্লেটৰ গ্ৰাহকসকলেই।

    যোৰহাটত চলি থকা ফ্লেটৰ এনে এখন ৰমৰমীয়া বজাৰৰ কথা উদঙাই দিছে ফ্লেটৰ গ্ৰাহকসকলেই।

    যোৰহাটত চলি থকা ফ্লেটৰ এনে এখন ৰমৰমীয়া বজাৰৰ কথা উদঙাই দিছে ফ্লেটৰ গ্ৰাহকসকলেই।

    • Share this:
    নিজৰ সপোনৰ ঘৰটো নগৰত ক্ৰয় কৰাৰ পূৰ্বে ভালদৰে চিন্তা কৰি লওক। যোৰহাটৰ দৰে নগৰত ফ্লেট ক্ৰয় কৰাৰ পূৰ্বে ভালদৰে অনুসন্ধান কৰি লওক। অন্যথা বিপদত পৰিব পাৰে আপুনি। কাৰণ যোৰহাটত লাখ লাখ টকা ব্যয় কৰি ফ্লেট ক্ৰয় কৰাৰ পিছত কেইবাবছৰ ধৰি ফ্লেটৰ নিৰ্মাণ সম্পূৰ্ণ নকৰাৰ লগতে নিৰ্মাণ বিসংগতিৰ বাবে ভীষণ সমস্যাত পৰিছে ফ্লেটৰ বহু আবাসী। ধন পৰিশোধ কৰাৰ ৬–৭ বছৰ পিছতো বিল্ডাৰে নিৰ্মাণ সম্পূৰ্ণ কৰা নাই ফ্লেটসমূহৰ।

    যোৰহাটত চলি থকা ফ্লেটৰ এনে এখন ৰমৰমীয়া বজাৰৰ কথা উদঙাই দিছে ফ্লেটৰ গ্ৰাহকসকলেই। সংশ্লিষ্ট কৰ্তৃপক্ষৰ দুৰ্বলতাৰ সুযোগ লৈ একাংশ বিল্ডাৰে গ্ৰাহকৰ পৰা লাখ লাখ টকা আদায় লোৱাৰ কেইবাবছৰ উকলি যোৱাৰ পিছতো সম্পূৰ্ণ কৰা নাই ফ্লেটৰ নিৰ্মাণকাৰ্য। ধন আদায় লোৱাৰ ৫–৬ বছৰ উকলি যোৱাৰ পিছত একাংশ লোকক বিল্ডাৰে প্ৰদান কৰিছে বিসংগতিৰে ভৰা অসম্পূৰ্ণ ফ্লেট।

    শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যোৰহাট নগৰৰ ন-আলিস্থিত ভৱলক্ষ্মী কনষ্ট্ৰাকচন প্ৰাইভেট লিমিটেডে নিৰ্মাণ কৰা ৰাজমহল এপাৰ্টমেণ্টত। ২০১৪–১৫ চনতে গৰিষ্ঠ সংখ্যাক লোকে ৯০–৯৫% ধন পৰিশোধ কৰি ফ্লেট ক্ৰয় কৰা এই এপাৰ্টমেণ্টটো ২০১৬ চনতে নিৰ্মাণ সম্পূৰ্ণ কৰি গ্ৰাহকক গতাই দিব লাগিছিল। কিন্তু প্ৰায় ৫ বছৰ পলমকৈ ২০২১ চনৰ পৰাহে বিল্ডাৰে ফ্লেটসমূহ গ্ৰাহকক দিয়াৰ ব্যৱস্থা কৰে বুলি জানিবলৈ দিছে আবাসীসকলে। কিন্তু ইয়াৰ পিছতো অসম্পূৰ্ণ হৈ আছে বিসংগতিপূৰ্ণভাৱে নিৰ্মাণ কৰা এই এপাৰ্টমেণ্টৰ ব্লককেইটা।

    "আমি ফ্লেট ক্ৰয় কৰাৰ বিনিময়ত ২০১৪–১৫ চনতে ৯০–৯৫% ধন পৰিশোধ কৰিছো। কিন্তু ২০১৬ চনত নিৰ্মাণ সম্পূৰ্ণ কৰিব লগা ফ্লেটসমূহ আজিলৈকে সম্পূৰ্ণ কৰিব পৰা নাই। আমাৰ এপাৰ্টমেণ্টত অগ্নি নিৰ্বাপনৰ ব্যৱস্থা নাই, বিদ্যুৎ সংযোগৰ ব্যৱস্থাসমূহ বিপজ্জনকভাৱে উন্মুক্ত হৈ আছে। ইমাৰ্জেন্সি একজিটৰ নিৰ্মাণ অসম্পূৰ্ণ হৈ আছে । এনে বহু বিসঙ্গতি থকাৰ পিছতো বিল্ডাৰে আমাৰ কথাৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান নকৰে।", এপাৰ্টমেণ্টৰ ভুক্তভোগী আবাসী ড০ সমীৰণ দত্তই এনেদৰে কয়।

    ৰাজমহল এপাৰ্টমেণ্টৰ আবাসীসকলে জানিবলৈ দিয়া মতে, আজি পৰ্যন্ত এই এপাৰ্টমেণ্টত নাই অগ্নি নিৰ্বাপনৰ কোনো ব্যৱস্থা। অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সোমাব পৰা ব্যৱস্থা নাই এপাৰ্টমেণ্টলৈ যোৱা পথটোত। এপাৰ্টমেণ্টৰ ইমাৰ্জেন্সী একজিট আজিও বিপজ্জনকভাৱে অসম্পূৰ্ণ হৈ আছে আৰু বিসঙ্গতিপূৰ্ণভাৱে নিৰ্মাণ কৰা হৈছে। আবাসীসকলে অভিযোগ কৰা মতে, এপাৰ্টমেণ্টত বাসিন্দা অনুপাতে নাই লিফটৰ ব্যৱস্থা। এপাৰ্টমেণ্টৰ পানী যোগান ব্যৱস্থা বিসঙ্গতিৰে ভৰা। কেৱল এয়াই নহয়। এপাৰ্টমেণ্টৰ পাৰ্কিং ব্যৱস্থা আসোঁৱাহপূৰ্ণ হোৱাৰ লগতে একাংশ ফ্লেটত নিৰ্মাণ বিসঙ্গতিৰ বাবে বেৰৰ পৰা পানী বিৰিঙাৰ অভিযোগ তুলিছে একাংশ আৱাসীয়ে। আনহাতে এপাৰ্টমেণ্টটোৰ ৰাজহুৱা হলটো বৰ্তমানলৈকে নিৰ্মাণ নকৰাৰ অভিযোগ উঠিছে। সবাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এই ফ্লেটসমূহৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱা বাবে আবাসীসকলে বিল্ডাৰৰ পৰা মালিকীস্বত্বৰ পঞ্জীয়ন কৰিব পৰা নাই।

    "আমি ইতিমধ্যে আমাৰ ফ্লেটসমূহৰ মূল্য দি প্ৰায় শেষ কৰিছো। কিন্তু বিল্ডাৰে ৬–৭ বছৰ অতিৰিক্তভাৱে উকলি যোৱাৰ পিছতো আমাক ফ্লেটসমূহ আমাৰ নামত পঞ্জীয়ন কৰি দিব পৰা নাই। কাৰণ ফ্লেটৰ নিৰ্মাণ আজিও সম্পূৰ্ণ হোৱা নাই। আমাক এনেদৰে প্ৰৱঞ্চনা কৰা হৈছে।" আন এগৰাকী আবাসী ডাঃ অনুপম হাজৰিকাই এনেদৰে কয়।

    এয়া মাত্ৰ এটা উদাহৰণহে। যোৰহাটত এনে বিসঙ্গতিৰে ভৰা আৰু বহু ফ্লেট আছে। কিন্তু এইসমূহৰ ওপৰত ব্যৱস্থা ল’বলৈ যেন শক্তিশালী নহয় বিভাগীয় কৰ্তৃপক্ষ। আনহাতে ভৱলক্ষ্মী কনষ্ট্ৰাকচন প্ৰাঃ লিঃৰ ৰমেশ আগৰৱালাই News18ক জানিবলৈ দিয়া মতে, কোভিড পৰিস্থিতিৰ ফলত তেওঁলোকৰ নিৰ্মাণ কাৰ্য কিছু মন্থৰ হৈ পৰিছিল। আগন্তুক তিনি মাহৰ ভিতৰতে এই এপাৰ্টমেণ্টৰ আধৰুৱা কামসমূহ সম্পূৰ্ণ কৰি দিয়া হ’ব। কিন্তু এনেদৰে বহুবাৰ আশ্বাস প্ৰদান কৰি অহা ভৱলক্ষ্মী কনষ্ট্ৰাকচন কৰ্তৃপক্ষৰ ওপৰত আস্থা হেৰাই গৈছে বুলি জানিবলৈ দিছে ৰাজমহল এপাৰ্টমেণ্টৰ আবাসীসকলে।
    Published by:Sanjay Kumar Das
    First published: